Breaking

পলাশবাৰী সমষ্টিত ‘আম আদমী পাৰ্টী’ৰ বিশাল যোগদান সভা

0 1,574

দিল্লীৰ মূখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়াল নেতৃত্বাধীন” আম আদমী পাৰ্টী”ৰ নীতি আৰু আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ শনিবাৰে পলাশবাৰী সমষ্টিৰ যুৱ নেতা বিদ্যুৎ কলিতাই প্ৰায় সহস্ৰাধিক সমৰ্থকক লগত লৈ ৰাজনৈতিক দলটিত যোগদান কৰে।পলাশবাৰী সমষ্টিৰ যুৱ নেতা কলিতা পূৰ্বে “একত্ৰিত যুৱ পৰিষদ” অসমৰ কেন্দ্ৰীয় সভাপতি আছিল।শনিবাৰে দলটিত যোগদান কৰি কলিতা কিছু আৱেগিক হৈ পৰে আৰু ভাষণ প্ৰসংগত তেওঁ কয় যে আম আদমী পাৰ্টী দুখীয়া জনসাধাৰণৰ দল। নামেই তাৰ পৰিচয় আম মানে গৰীৱ আদমী মানে মানুহ আৰু পাৰ্টী মানে দল।উপস্থিত ৰাইজক উদ্দেশ্যি এনেদৰে মন্তব্য কৰে কলিতাই।আনহাতে পূৰ্বতে যোগদান কৰিবৰ বাবে ঠিৰাংকৰা পলাশবাৰী উপৰহালী স্হিত হৰেন্দ্ৰ নাথ তালুকদাৰ প্ৰেক্ষাগৃহত পলাশবাৰী প্ৰশাসনে সোমাবলৈ বাধা আৰোপ কৰাত পিছত মিৰ্জাস্হিত ৰাধাকৃষ্ণণ ল’জত

খৰতকীয়া কৈ অনুষ্ঠানটি আয়োজন কৰে।ইয়াকৈ লৈ পলাশবাৰী সমষ্টিৰ ৰাইজৰ মাজত কিছু কৌতুলৰ সৃষ্টি হয়।

  • যোগদান অনুষ্ঠানত উপস্থিত আছিল ডা: ভবেন চৌধুৰী ৰাজ্যিক সমন্বয়ক, মানস শৰ্মা দক্ষিণ কামৰূপ সাংগঠনিক সম্পাদক, অনুৰূপা ডেকা ৰজা মুখপাত্ৰ আম আদমী পাৰ্টী, হিতেশ কলিতা ব্যৱস্থাপক পলাশবাৰী পৌৰ নিগম। শুক্লেশ্বৰ দাস আহ্বায়ক পলাশবাৰী সমষ্টি আৰু পংকজ লস্কৰ ৰাজ্যিক কাৰ্যালয় নিৰীক্ষক আদি ব্যক্তিৰ লগতে বহু সংখ্যক আপ সমৰ্থনকাৰী লোক।
Leave A Reply