Legislative Assembly । অসমৰ ১১ টা নতুন পলিটেকনিক আৰু বৰাক ভেলীৰ ইঞ্জিনীয়াৰিং কলেজত নিযুক্ত ৬৮ গৰাকী প্ৰতিষ্ঠাপক প্ৰবক্তাই চাকৰি হেৰুৱাৰ বিষয়ত ব্যাপক উত্তেজনা সৃষ্টি হৈছে। এই প্ৰসংগত বিধানসভাতো তীব্ৰ প্ৰতিবাদ গুজৰিছে।
উল্লেখযোগ্য যে, এইসকল প্ৰতিষ্ঠাপক প্ৰবক্তাই ২০১৭ চনত যোগ্যতাৰ ভিত্তিত নিযুক্তি লাভ কৰিছিল। চাকৰি নিয়ামীয়াকৰণৰ দাবীত তেওঁলোকে ১৭ ফেব্ৰুৱাৰীৰ পৰা মহানগৰীৰ চচলত অবিৰত প্ৰতিবাদ কৰি আহিছে। কিন্তু চৰকাৰৰ পৰা ইতিবাচক সহাঁৰি নাপাই, ৬৮ গৰাকী প্ৰতিষ্ঠাপক প্ৰবক্তাই চাকৰি হেৰুৱাবলগীয়া হৈছে।
প্ৰতিবাদ চলি থকাৰ মাজতে শিক্ষা বিভাগে তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়াৰ নিৰ্দেশ প্ৰেৰণ কৰে। ৮ বছৰ ধৰি কাম কৰি অহাৰ পিছতো চাকৰি নিয়ামীয়াকৰণ নহোৱাক লৈ দুখ প্ৰকাশ কৰিছে প্ৰবক্তাসকলে।
এই বিষয়টো আজি বিধানসভাত উত্থাপন কৰে বিৰোধী দলৰ বিধায়কসকলে। চাকৰি হেৰুৱা প্ৰতিষ্ঠাপক প্ৰবক্তাসকলক পুনৰ চাকৰি দিয়াৰ দাবীত বিধানসভাত ব্যাপক প্ৰতিবাদ হয়। বিৰোধীয়ে বিধানসভাত সভাস্থগিত প্ৰস্তাৱো উত্থাপন কৰে।
ইফালে, শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিষয়টো সন্দৰ্ভত প্রতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, অংশকালীন শিক্ষকক পূৰ্ণকালীন কৰি নিয়োগ দিয়াৰ কোনো চৰকাৰী নীতি-নিয়ম নাই। ৰাজ্য চৰকাৰে নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, গতিকে প্ৰতিষ্ঠাপক প্ৰবক্তাসকলে এই নিয়োগ পৰীক্ষাত অংশগ্ৰহণ কৰিব লাগিব। নিয়মীয়া নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হলেহে নতুনকৈ চাকৰি লাভ কৰিব বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।