পশ্চিম কাৰ্বি আংলঙৰ ওপৰ তৰাডুবি বৰঘাট নতুন গাঁৱত ৪৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱৰ সামৰণি

পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত ওপৰ তৰাডুবি বৰঘাট নতুন গাঁৱৰ যুৱক সংঘৰ উদ্যোগত আৰু ব্যৱস্থাপনাত বিগত বৰ্ষবোৰৰ দৰে এইবাৰো যোৱা মংগল বাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ’ ৪৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱ ’ ভাগি বি—কাংথিৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত বুধবাৰে পুঁৱতি নিশা সামৰণি পৰিছে ৷ কাৰ্যসূচী অনুসৰি মংগলবাৰে ৰাতি ৮ বজাত ৪৯ সংখ্যক শাৰদীয় ৰাস মহোৎসৱৰ শ্ৰীশ্ৰী কৃষ্ণ ’ কেলিগোপাল “ নাট’ৰ মঞ্চ উদ্ধোধন অনুষ্ঠানটোৰ লগত সংগতি ৰাখি এখনি সভা অনুষ্ঠিত কৰা হয় ৷ সভাত সভাপতিত্ব কৰে ৰাস উদ্‌যাপন সমিতিৰ সভাপতি টিকেন্দ্ৰ হোকাইয়ে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজ কৰ্মী অম্বিৰাম দাৰফাঙে ৷ সভাত বিশিষ্ট অতিথি হিচাপে জয়ন্ত ডেকাৰজা জগন্নাথ বৰদলৈ শচিন্দ্ৰ লৰম নিৰঞ্জন দেউৰী পুনেশ্বৰ বৰদলৈ ৰাজীৱ লৰম ৰাজেন ডেকাৰজা অভিৰাম বৰদলৈ কবিত লৰম বিতুপন ডেকাৰজা লক্ষীৱতী পাটৰ বিমল বৰা পুনৱ পাটৰ বিপুল ভুঞা আৰু বুনট বৰদলৈয়ে উপস্থিত থাকে ৷ উদযাপন সমিতিৰ সাধাৰণ সম্পাদক পবিত্ৰ ডেকাই আতঁধৰা সভাত ৪৯ সংখ্যক শাৰদীয় ৰাস মহোৎসৱৰ শ্ৰীশ্ৰী কৃষ্ণ কেলিগোপাল নাট’ৰ মঞ্চ উদ্ধোধন কৰে বিশিষ্ট সমাজ কৰ্মী অম্বিৰাম দাৰফাঙে ৷

ৰাতি ৯ বজাত মুল নাট—“কেলিগোপাল “ পৰিৱেশন কৰা হয় ৷ কেলিগোপাল নাটৰ মুখ্য চৰিত্ৰত অভিনয় কৰা কলা কুশলী সকল ক্ৰমে সুত্ৰধাৰ —স্মৃতা বৰদলৈ বিষ্ণু —বিজয় মছৰং নাৰদ — ত্ৰিনয়ন বৰা কংস— জনাৰ্দন বৰদলৈ বসুদেৱ— ৰঞ্জিত বৰদলৈ দৈৱকী—নমিতা ডেকাৰজা দুৱৰি দুজন —ৰাহুল খৰাই আৰু পিংকু ফাংচু শ্ৰীকৃষ্ণ —অন্তৰা দাৰ্ফাং সৰু কৃষ্ণ ৩ জন —নিকিতা ভুঞা দীপলিনা লৰম আৰু দিক্ষা বৰদলৈ ৰাধা —প্ৰণামী কাথাৰপী শংখচূড় —পৰি ডেকাৰজা যশোদা —ৰিতা কলিতা আৰু পুতনা—সুৰজিৎ মছৰং ৷ নাটখন পৰিচালনা কৰে পুতুকণ মছৰং আৰু জনাৰ্দন বৰদলৈয়ে ৷ বাদ্য ও নৃত্য পৰিচালনা কৰে খগেন দাৰফাং আৰু পলাশ বৰদলৈয়ে ৷ তাল পৰিচালনা কৰে ৰমেন পাটৰ আৰু ৰূপজ্যোতি পাটৰ আৰু সহযোগী কণ্ঠ শিল্পী হিচাপে থাকে নৱজিৎ ডেকাৰজা আৰু পুৰবী দাৰফাঙে ৷ বাহীবাদক হিচাপে থাকে বোপা বৰদলৈয়ে ৷ কাৰিকৰী বিভাগত থাকে কুশ দেউৰী ৰমেন পাটৰ আৰু বিৰেন বৰাই ৷ মঞ্চ পৰিচালনা কৰে কুশ দেউৰী উপেন ডেকা প্ৰমানন্দ বৰুৱা সুৰজিত দাৰফাং সিদ্ধাৰ্থ লস্কৰ বিশ্বজিত ডেকাৰজা আৰু অনুপম মচৰঙে ৷ পোহৰত থাকে পিতাম্বৰ পাটৰ আৰু প্ৰভাত বৰদলৈয়ে ৷ ৰূপ সজ্জাত থাকে বিৰেন বৰা আৰু জিতু বৰাই ৷

বুধবাৰে পুৱা ৭—৩০ বজাত সামাজিক নাট “ দানৱ “ প্ৰদৰ্শনৰ লগত সংগতি ৰাখি মঞ্চ উদ্ধোধনী সভাখন অনুষ্ঠিত কৰা হয় ৷ সভাত সভাপতিত্ব কৰে ৰাস উদ্‌যাপন সমিতিৰ সভাপতি টিকেন্দ্ৰ হোকাইয়ে ৷ সভাত মুখ্য অতিথি হিচাপে ৰাংকে টেৰণ হাইস্কুলৰ প্ৰধান শিক্ষক নিপেন দাৰ্ফাঙে ৷ সভাত বিশিষ্ট অতিথি হিচাপে পুতুকন মছৰং পলাশ বৰদলৈ ৰমেন পাটৰ পিতাম্বৰ পাটৰ প্ৰভাত বৰদলৈ মাযোৱা তিমুং নিত্যানন্দ মছৰং কুশ দেউৰী আদি উপস্থিত থাকে ৷ ত্ৰিনয়ন বৰাই আঁতধৰা সভাত মঞ্চ উদ্ধোধনী সভাত মঞ্চ উদ্ধোধন কৰে ৰাংকে টেৰণ হাইস্কুলৰ প্ৰধান শিক্ষক নিপেন পাটৰে ৷ উদ্বোধনী ভাষণত শ্ৰীযুত পাটৰে বাইক বা স্কুটি এক্সিডেণ্ট হৈ মৃত্যু মুখত পৰা কম বয়সৰ ল’ৰা—ছোৱালী সকলক বাইক বা স্কুটি নিদিবলৈ পিতৃ—মাতৃ সকলক আহ্বান কৰে৷ ইয়াৰ পাছতে নিশা ৮ বজাত স্থানীয় শিল্পী সকলৰ দ্বাৰা সামাজিক নাট “ দানৱ “ প্ৰদৰ্শন কৰা হয় ৷

দানৱ নাটখনিত অভিনয় কৰা কলা কুশলী সকল ক্ৰমে ৰামু—জৰ্নাদন বৰদলৈ শ্যাম —প্ৰমানন্দ বৰুৱা বিমান—জয়ন্ত ডেকাৰজা গুড্ডু—পবিত্ৰ ডেকা দয়ানন্দ —অভিৰাম বৰদলৈ নয়ন—নৱজিৎ মছৰং ৰকি—সুৰুজ খৰাই হৰমোহন লক্ষেশ্বৰ ডেকাৰজা জ্যোৎস্না —অনুৰূপা বৰদলৈ মামনি—জিতু বৰা নাৰ্জি—অনুষ্কা বৰদলৈ কৃষ্ণা—নিজুমণি বৰা ধৰিত্ৰী —অংকিতা পাটৰ পুলিচ —মাঘেশ্বৰ পাটৰ উকিল পীতাম্বৰ খৰাই গুন্দা—পিংকু ফাংচু আৰু পূজাৰি শুক্লেশ্বৰ বৰদলৈ ৷ নাটখনি পৰিচালনা কৰে বিজয় ডেকাৰজাই ৷ স্মাৰকত থাকে ত্ৰিনয়ন বৰা আৰু অংকুৰ বৰাই ৷ নৃত্য পৰিচালনা কৰে পুৰবী দাৰফাঙে ৷ কাৰিকৰী বিভাগত থাকে পুতুকণ মছৰং পলাশ বৰদলৈ আৰু ৰমেন পাটৰে ৷ পোহৰত থাকে পিতাম্বৰ পাটৰ আৰু প্ৰভাত বৰদলৈয়ে ৷ মঞ্চ সজ্জাত থাকে কুশ দেউৰী উপেন ডেকা বিশ্বজিৎ ডেকাৰজা সিদ্ধাৰ্থ লস্কৰ সুৰজিত দাৰফাং বনমালী শইকীয়া আৰু বিৰেন বৰাই আৰু ৰূপ সজ্জাত থাকে বিৰেন বৰা আৰু মাঘেশ্বৰ পাটৰে ৷ উল্লেখ্য যে ওপৰ তৰাডুবি বৰঘাট নতুন গাওঁ যুৱক সংঘৰ উদ্যোগত ২০২৭ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো ৫০ বছৰতভৰি দিব ৷ সেয়েহে আয়োজক সমিতিৰ শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলা মহোৎসৱটো সোণালী জয়ন্তী বৰ্ষ হিচাপে উদ্‌যাপন কৰিবলৈ চিন্তা এতিয়াৰ পৰাই কঁকালত টঙালি বান্ধি সাজু হ’বৰ হ’ল বুলি উল্লেখ কৰে৷

Related Articles