পাকিস্তান-চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ হাতলৈ আহি আছে ‘জোৰাৱাৰ’ টেংক – ‘নাগ’ মিছাইল । বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অহা শীতকালত সেনাবাহিনীলৈ আহি আছে নতুন অস্ত্ৰ।দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাৰ নতুন ৰূপ ধাৰণ কৰিছে মোদী চৰকাৰে। এফালে আধুনিক সা-সৰঞ্জাম ব্যৱহাৰ কৰা হৈছে, আনফালে স্বাৱলম্বী ভাৰতৰ উদ্দেশ্যে থলুৱা প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সেই ধাৰাত থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা টেংক জোৰাৱাৰ ভাৰতীয় সেনাক গতাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা বা ডি আৰ ডি অ’ৰ উদ্যোগত জোৰাৱাৰৰ টেংক প্ৰস্তুত কৰা হৈছে। জানিব পৰা মতে, এই লাইট টেংকত থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ‘নাগ’ মিছাইল লগোৱা হ’ব পাৰে, যাতে মিছাইলো টেংকৰ পৰাই নিক্ষেপ কৰিব পাৰি । সমগ্ৰ বিষয়টো পৰীক্ষাৰ পৰ্যায়ত আছে বুলি সূত্ৰটোৱে কয় ।

ডি আৰ ডি অ’ই ‘এল এণ্ড টি হেভি ইঞ্জিনিয়াৰিং’ৰ সহযোগত তুলনামূলকভাৱে লঘু জোৰাৱাৰ টেংক প্ৰস্তুত কৰিছে। ইয়াত এণ্টি টেংক মিছাইল নাগ এমকে-২ সজ্জিত কৰা হৈছে। নাগ এম কে-২ ক্ষেপণাস্ত্ৰ বায়ুৰ পৰা মাটিলৈ আৰু মাটিৰ পৰা মাটিলৈ উভয়তে যুদ্ধ কৰিবলৈ সক্ষম। ই চাৰি কিলোমিটাৰ দূৰৈৰ শত্ৰুৰ টেংক নিমিষতে ধ্বংস কৰিব পাৰে। আকাশৰ পৰা উৎক্ষেপণ কৰিলে নাগ এম কে-২ ৭ৰ পৰা ১০ কিলোমিটাৰ দূৰৰ লক্ষ্যত আঘাত কৰিব পাৰে।বৰ্তমান জোৰাৱাৰ টেংকত নাগ এম কে-২ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা চলি আছে। সামৰিক সূত্ৰৰ পৰা জানিব পৰা মতে, ইতিমধ্যে লাডাখৰ পাহাৰ, শীতল মৰুভূমি অঞ্চল আৰু গুজৰাটৰ ৰান অৱ কচ্চৰ দুৰ্গম ভূখণ্ডত এই পৰীক্ষা সফল হৈছে।১৯৮০ চনত ডি আৰ ডি অ’ই ‘ইণ্টিগ্ৰেটেড মিছাইল ডেভেলপমেণ্ট প্ৰগ্ৰেম’ৰ অধীনত পাঁচটা ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ পৰিকল্পনা কৰিছিল। এই পাঁচটা ক্ষেপণাস্ত্ৰ হ’ল অগ্নি, পৃথ্বী, আকাশ, ত্ৰিশূল আৰু নাগ।
বিশেষজ্ঞসকলে কয় যে ভাৰতীয় সেনাৰ নতুন আৰ্টিলাৰী আৰু মিছাইল নাগ এম কে-২ য়ে লাডাখ উপত্যকাত চীনৰ সৈতে মোকাবিলা কৰি কাশ্মীৰ, ৰাজস্থান আৰু গুজৰাটৰ সীমান্তত পাকিস্তানৰ সেনাক ধ্বংস কৰিব পাৰিব।

