পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ

“আৱাহন যুগৰ চুটিগল্পত মোপাছাঁৰ প্ৰভাৱ” শীৰ্ষক বিষয়ত পূৱ বংশৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা জোনালী মালাকাৰৰ পি,এইচ,ডি লাভ।

বস্ত্ৰনগৰী শুৱালকুছিৰ বোৱাৰী তথা অধ্যাপিকা জোনালী মালাকাৰৰ এই সাফল্যত পূৱ বংশৰ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা,ছাত্ৰ-ছাত্ৰীৰ লগতে উৎফুল্লিত হৈছে শুৱালকুছিৰ ৰাইজ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৈদেশিক ভাষা বিভাগৰ অধীনত পি,এইচ,ডি লাভ কৰি বৃহত্তৰ শুৱালকুছি অঞ্চললৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় অধ্যাপিকা গৰাকীয়ে।

বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিৰিঞ্চি কুমাৰ দাসৰ তত্বাবধানত এই ডিগ্ৰী লাভ কৰে অসমীয়া বিভাগৰ অধ্যাপিকা গৰাকীয়ে।

Related Articles