প্রতিমা বিসর্জনৰ বাবে নিৰ্মাণ কৰা হ’ব কৃত্রিম পুখুৰীঃ নদীত বিসর্জন দিব নোৱাৰিব প্রতিমা

চৰকাৰৰ বিশেষ সিদ্ধান্ত।

২০২৭ চনৰ পৰা নদী, হ্রদ, নিজৰা বা সাগৰৰ দৰে কোনো প্রাকৃতিক জলাশয়ত গণেশ চতুর্থী বা অন্য কোনো ধৰণৰ ধৰ্মীয় অনুষ্ঠানৰ প্রতিমা বিসর্জন কৰিবলৈ দিয়া নহ’ব।

প্রতিমা বিসর্জনৰ বাবে নিৰ্মাণ কৰা হ’ব কৃত্রিম পুখুৰী।

ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক লিখিতৰূপত জনাইছে মুখ্যমন্ত্রী বিজয় থালাপতি চৰকাৰে।

প্ৰকৃতিৰ সুৰক্ষা আৰু নৱ প্ৰজন্মৰ ভৱিষ্যৎ সুৰক্ষাৰ বাবে তামিলনাড়ু চৰকাৰৰ এই ঐতিহাসিক সিদ্ধান্ত।

চৰকাৰৰ সিদ্ধান্তক প্ৰশংসা কৰিছে নৱপ্ৰজন্মই।

পানীৰ প্ৰদূষণ ৰোধ কৰা আৰু জলচৰ প্ৰাণীসমূহৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে।

কাৰণ প্ৰতিমা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টাৰ অব পেৰিছ (PoP), কৃত্ৰিম ৰং আৰু বিভিন্ন ধৰণৰ ৰাসায়নিক পদাৰ্থই প্ৰাকৃতিক পানীৰ উৎসসমূহৰ মাৰাত্মক ক্ষতি সাধন কৰে।

Related Articles