
গুৱাহটীৰ পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক চক্ৰৱৰ্তীয়ে চেন্পিয়নৰ খিতাপ দখল কৰে । জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে । আনহাতে দবা প্ৰতিযোগীতা খনৰ প্ৰথম ৰানাৰ্চ আপৰ খিতাপ লাভ কৰে প্ৰাক্তন অসম চেম্পিয়ন ৰাজীৱ ধৰে আৰু দ্বিতীয় ৰানাৰ্চ আপ হয়

। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ , জুনিয়ৰ দবাৰুৱে অংশ গ্ৰহণ কৰে অসম ৰেপিড ৰেটিং প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপ গোস্বামীয়ে । বিশিষ্ট অতিথি তথা খেলুৱৈ হিচাপে অংশ গ্ৰহণ কৰি মহানগৰ জিলা উপায়ুক্ত পল্লৱ ঝাই । সদৌ অসম সন্থাৰ উদ্যোগত অননষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতা খন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত গোস্বামীয়ে ।


