অসমে কান্দিছে, দেশে কান্দেছে। কাৰণ অকালতে গুচি গল সকলোৰে হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গ। ছিংগাপুৰত অনাকংক্ষিতভাবে জুবিন গাৰ্গে চিৰদিনৰ বাবে চকু মুদিলে। শিল্পীগৰাকীৰ মৃত্যুত ম্ৰিয়মান ৰাজ্যবাসী। বিটিআৰৰ সৈতেও আছিল জুবিন গাৰ্গৰ এক আত্মিক সম্পৰ্ক। সেয়ে বি টি আৰত নিৰ্মাণ কৰা হ’ব শিল্পী জুবিন গাৰ্গৰ সুউচ্চ প্ৰতিমূৰ্তি । এই কথা সদৰী কৰিছে বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ।
বিটিচি নিৰ্বাচনৰ অভূতপূৰ্ব জয়ৰ পাছত দেওবাৰে কাহিলিপাৰাস্থিত জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত ঘৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে ।
উল্লেখ্য, একক সংখ্যাগৰিষ্ঠতা লাভ পুনৰ বিটিচিত শাসন কৰাৰ যোগ্যতা অৰ্জন কৰা বি পি এফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে আজি দলৰ বিজয়ী প্ৰাৰ্থীসকলক লগত লৈ জুবিন গাৰ্গৰ বাসগৃহত উপস্থিত হয় । তেওঁলোকে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি পৰিয়ালৰৰ লোকক সাক্ষাৎ কৰে আৰু গভীৰ সমবেদনা জ্ঞাপন কৰে ।
সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত হাগ্ৰামা মহিলাৰীয়ে কয়, “জুবিন গাৰ্গ সকলোৰে অন্তৰত চিৰস্থায়ী হৈ থাকিব । জুবিন দাক অসমৰ ৰাইজে কেতিয়াও পাহৰি নাযায় । জুবিন দাই কৰি যোৱা কাম আমি কেতিয়াও পাহৰি নাযাওঁ । কোকৰাঝাৰত মই জুবিন দাৰ প্ৰতিমূৰ্তিৰ লগতে এখন মেম’ৰিয়েল পাৰ্ক নিৰ্মাণ কৰিম । ইয়াৰ বাবে ইতিমধ্যে আমাৰ দলত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । অসমৰ বাবে জুবিন দাই কৰা ত্যাগ কৈ শেষ কৰিব নোৱাৰি । জুবিন দা আমাৰ অন্তৰত সদায়ে চিৰস্থায়ী হৈ থাকিব ।”
উল্লেখ্য যে, বিটিচি নিৰ্বাচনৰ ফলাফলত বি পি এফ দলে সকলোকে উফৰাই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হৈছে । বিটিচিৰ ৪০ খন আসনৰ ভিতৰত বি পি এফে ২৮ খন আসন লাভ কৰি সৃষ্ট কৰিলে অভিলেখ ।ইফালে বিজেপিয়ে ৫ খন ইউ পি পি এল দলে ৭ খন আসন লাভ কৰে। ৩ অক্টোবৰত হাগ্ৰা মহিলাৰীয়ে বিটিআৰৰ মুৰব্বী হিচাবে শপতগ্ৰহণ কৰাৰ কথা।

