উভতি নহাৰ বাটেৰে অজান দেশলৈ গ’লগৈ ৰিদীপ পানিকা। বলিয়া বানত মৰমৰ কুকুৰটোক বচাবলৈ গৈ প্ৰাণ হেৰুৱাইছিল কণমানি ৰিদীপে। নাজিৰাৰ বামুণপুখুৰীত বানত এটা কুকুৰক বচাবলৈ গৈ মৃত্যুক সাৱটি লোৱা কণমানি ৰিদীপ পানিকাৰ বাসগৃহত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হয়। বৰুণ নামৰ কুকুৰটোক বচাবলৈ গৈ মৃত্যু হৈছিল সপ্তম শ্ৰেণীৰ ছাত্ৰজনৰ। ৰিদীপ পানিকাৰ পিতৃ-মাতৃক সান্তনা মুখ্যমন্ত্ৰীৰ।
বামুণপুখুৰীৰ বানপানীত ডুব গৈ প্ৰাণ হেৰুওৱা ৰিদিপ পানীকা নামৰ এই ১৩ বছৰীয়া ছাত্ৰজনৰ পিতৃ-মাতৃক সাক্ষাৎ কৰি আজি চাৰি লাখ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। লগতে বামুণপুখুৰী বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে।চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লৈ সমাধান কৰাৰ আশ্বাস মুখ্যমন্ত্ৰীগৰাকীৰ।

