বলীউডৰ জনপ্ৰিয় অভিনেতা প্ৰদীপ ৰাম সিং ৰাৱতৰ দেহাৱসান।
মুম্বাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন আছিল প্ৰদীপ ৰাৱট।
দীৰ্ঘদিন ধৰি ব্লাড কেন্সাৰ ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাগৰাকী।
৭৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ।
বলীউডৰ কেইবাখনো ছুপাৰহিট ছবিত অভিনয় কৰিছিল প্ৰদীপ ৰাৱটে।
শ্বৰফৰজ, লগান, গজিনীত কৰিছিল দুৰ্দান্ত অভিনয়।
তেওঁৰ মৃত্যুত এতিয়া শোকৰ ছাঁ পৰিছে ছবি জগতত।

