অৱশেষত অসম বিধানসভাত গৃহীত হ’ল বহুচৰ্চিত বহুবিবাহ প্ৰতিৰোধী বিধেয়ক ২০২৫ । এই বিধেয়কখন আইনৰূপে গৃহীত কৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব । অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ তৃতীয় দিনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদনত বিধেয়কখন উত্থাপন কৰাৰ পিছতে ইয়াৰ ওপৰত দীঘলীয়া সময় বিতৰ্ক হয় ।
বিৰোধী বিধায়কসকলে বিধেয়কখনৰ বিৰোধিতাৰ লগতে সংশোধনীৰ দাবী জনাই যদিও অৱশেষত বিধেয়কখন সদনত পাৰিত কৰা হয় । বিধেয়কখনক লৈ হোৱা বিতৰ্কৰ পাছত উত্তৰ দি মুখ্যমন্ত্রীয়ে কয়, “বহুবিবাহ প্ৰতিৰোধী বিধেয়কক লৈ ৰাজনীতি কৰা বুলি বিৰোধীয়ে কৈছে । হয়, আমি ৰাজ্যৰ নিপীড়িত-নিষ্পেষিত মহিলা সমাজৰ অধিকাৰৰ বাবে ৰাজনীতি কৰিছো । এই বিধানসভাত মুছলমান সমাজক প্ৰতিনিধিত্ব কৰি পুৰুষ বিধায়ক আহিছে । কিন্তু মহিলা বিধায়িকা নাই ।”
তেওঁ লগতে কয়, “বাল্যবিবাহৰ যোগেদি মহিলাসকলৰ জীয়াই থকাৰ ন্যূনতম অধিকাৰখিনি কাঢ়ি লোৱা হৈছিল । ১২ বছৰীয়া ছোৱালীক মাতৃত্বৰ বোজা দিয়া হৈছিল । ৬০ বছৰীয়া মাতব্বৰে ১৮-২০ বছৰীয়া যুৱতীক বিয়া কৰাই ট্ৰফী হিচাপে লৈ আহিছিল । সেইখন সমাজৰ নিপীড়িত-নিষ্পেষিত মহিলাক আইনৰ দৃষ্টিৰে অধিকাৰ দিয়াৰ বাবে আমাৰ এই প্ৰচেষ্টা । নাৰী সৱলীকৰণৰ বাবে বাল্যবিবাহ, নিযুত মইনা, অৰুণোদয়ৰ পিছতে বহুবিবাহ বন্ধ কৰাটো চৰকাৰৰ পদক্ষেপ ৷”
মুখ্যমন্ত্রীয়ে কয়, “আমি মুছলমানক টাৰ্গেট কৰা নাই । হিন্দু সমাজতো বিক্ষিপ্ত ৰূপত বহুবিবাহ চলি আছে । বিধেয়কখনত হিন্দু, মুছলমান, খ্ৰীষ্টান সকলোৰে কথা কোৱা হৈছে । বি টি আৰ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ আৰু ডিমা হাচাও স্বায়ত্ত শাসিত পৰিষদত ৰাজ্য চৰকাৰে কোনো আইন জাপি দিব নোৱাৰে । তেওঁলোকৰ নিজৰ আইন প্ৰণয়নৰ অধিকাৰ সংবিধানে দিছে । আমাক দেখি তেওঁলোকে নিজে আইন আনিব পাৰিব । আমি জনজাতি লোকসকলৰ আৱেগ-অনুভূতিক সন্মান জনাব লাগিব ।”
আনহাতে শ্বৰীয়তৰ আইনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “বহুবিবাহ বন্ধ কৰাৰ পদক্ষেপৰ বাবে ২০২৩ চনৰ ১২ মে’ত এখন কমিটী গঠন কৰি দিয়া হৈছিল । কমিটীখনে জনসাধাৰণৰ মতামত গ্ৰহণ কৰিছিল । বহুবিবাহৰ সমৰ্থনত মাত্র দুখন আবেদন পৰিছিল আৰু বাকী সকলোৱে বিৰোধিতা কৰিছিল । অসমৰ মাটিৰ বিশেষ ভূমিকা আছে । এই মাটিৰ উৰ্বৰা শক্তিয়ে ইছলাম বিশ্বাস কৰা সকলকো ক্ৰিয়া কৰিব পাৰে । পশ্চিমবংগত কৰিব নোৱৰা কাম অসমত কৰিব পাৰি । হজৰত মহম্মদ কেতিয়াও বহুবিবাহৰ পক্ষত নাছিল । সেই সময়ত ৫০-১০০ লৈকে কৰা বিবাহৰ সংখ্যা চাৰিলৈ কমাই আনিছিল । ইছলাম বিশ্বাস কৰিলে সময়ৰ পৰিৱেশৰ লগত পৰিৱৰ্তন হ’ব লাগিব ।”
তেওঁ আৰু কয়, “আল্লাক ফাঁকি নিদিয়াকৈ কোনোবাই দ্বিতীয় বিবাহ কৰে নেকি । এইখন আইনে প্ৰকৃত মুছলমান হ’বলৈ শিকাব । পত্নী কোনো বজাৰৰ পাচলি নহয় যে ভাল-বেয়া বিচাৰ কৰিম । বেমাৰ হ’লে আমিয়ে আৰু বেছি মৰম-শুশ্ৰূষা কৰিব লাগিব । সন্তান জন্ম দিব নোৱাৰিলে কি বাৰে বাৰে বিয়া কৰাব নেকি । সন্তান জন্ম দিব নোৱৰাৰ ক্ষেত্রত সমস্যা কেৱল মহিলাৰে নহয় পুৰুষৰো থাকিব পাৰে । এইবোৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায় ।”
বিৰোধীক প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে বহুবিবাহ বিৰোধী বিধেয়কৰ জৰিয়তে নিষ্পেষিত মুছলমান মহিলাই জীয়াই থকাৰ অধিকাৰ পাব ।
বিধেয়কখনৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, “এই বিধেয়কখন কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যপালৰ বিপৰীতে ৰাষ্ট্ৰপতিৰ অনুমোদন লাগিব । ৰাষ্ট্ৰপতিৰ অনুমোদন সাপেক্ষে বিধেয়কখন আইনত পৰিণত হ’ব । এই আইনখন অনাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰৰ লগতো আলোচনা কৰিম । ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে বিধেয়কখন ৰিজাৰ্ভ হৈ থাকিব । ৰাষ্ট্ৰপতিৰ অনুমোদন নহ’লে কাৰ্যকৰী নহ’ব । বিধেয়কখন ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰা হ’ব । ইয়াৰ পাছত আৰু এখন আইন অনা হ’ব । সেইখন হৈছে ‘ল’ এগেইনষ্ট ডিচেক্টিভ মেৰিজ’ । ফেব্ৰুৱাৰী মাহত শেষৰখন অধিৱেশনত এইখন অনা হ’ব ।” লক্ষণীয় বিষয় যে বিৰোধীৰ বিভিন্ন সমালোচনা আৰু বিতৰ্কৰ মাজতে বিধেয়কখন বিধানসভাত আজি গৃহীত কৰা হয় ।
বহুবিবাহক লৈ পুনৰ কঠোৰ মুখ্যমন্ত্ৰী । কোনো পুৰুষে দ্বিতীয় বিবাহ কৰিলেই দিব পাৰিব অভিযোগ ।মুখ্যমন্ত্ৰীয়ে কৰিলে ফোন নম্বৰ মুকলিৰ ঘোষণা ।

