চেঁপা উত্তেজনা অব্যাহত, তাৰ মাজতে অশান্ত বাক্সালৈ উভতি আহিছে শান্তি। কালি বাক্সাৰ নিকাছিস্থিত নৱনিৰ্মিত জিলা কাৰাগাৰৰ সন্মুখত আৰক্ষীৰ সৈতে জুবিন অনুৰাগী আৰু প্ৰতিবাদকাৰীৰ হৈছিল সংঘৰ্ষ ৷ ফলত আৰক্ষীয়ে লাঠীচালনাকে ধৰি শূন্যলৈ গুলী ফুটাবলগীয়া হৈছিল। ফলত আৰক্ষীৰ গুলীত আহত হৈছিল ছাত্ৰ। জুবিন গাৰ্গৰ মৃত্যুৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাকে ধৰি পাঁচ অভিযুক্তক ৰখা হৈছে বাক্সাৰ কাৰাগাৰত ৷অভিযুক্ত কেইজনক কাৰাগাৰলৈ অনাৰ পিছতে পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। ৷ উত্তেজিত জনতাই আৰক্ষীলৈ শিলাবৰ্ষণৰ কৰে, ৰক্ষা পোৱা নাছিল সাংবাদিকো ৷ বহুকেইটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিক গুৰুতৰভাৱে আহত হৈছিল ৷ আৰক্ষীয়ে উত্তেজিত জনতাক নিয়ন্ত্ৰণলৈ আনিবলৈ লাঠিচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰিছিল ৷পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে কাৰাগাৰৰ পৰা পাঁচশ মিটাৰ দূৰত্বলৈকে বি এন এছৰ ১৬৩ ধাৰাৰ অধীনত সান্ধ্য আইন জাৰি কৰাৰ লগতে কৰ্তন কৰে ইণ্টাৰনেট সেৱা ৷ প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা ৷ সম্প্ৰতি এই পৰিস্থিতি শাম কাটিলেও অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ এই ঘটনাত আৰক্ষী, সাংবাদিক আৰু সাধাৰণ লোককে ধৰি ২৫ জনৰো অধিক লোক আহত হৈছিল ৷এই ঘটনাক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে স্বতঃস্ফুৰ্তভাৱে বন্ধ হৈ পৰে নিকাছিৰ লগতে মুছলপুৰ, অদালবাৰী, বৰমা আদি অঞ্চলৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান-পোহাৰ ৷ বৰমা আৰু মুছলপুৰৰ সাপ্তাহিক বজাৰো প্ৰায় বন্ধ হৈ পৰে বৃহস্পতিবাৰৰ দিনটোত ৷ৰাজ্যৰ আইন-শৃংখলা নিয়ন্ত্ৰণ বিভাগৰ আই জি পি অখিলেশ কুমাৰ সিঙে আজি ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । আৰক্ষী বিষয়াগৰাকীয়ে ঘটনা সংক্ৰান্তত সাংবাদিকক কয়, ‘‘কালি সংঘটিত ঘটনাটো অতি দুৰ্ভাগ্যজনক । কোনো লোকে আইন হাতত তুলি লোৱাটো উচিত নহয় । যিসকল লোকে আইন হাতত তুলি গাড়ী-মটৰকে ধৰি ৰাজহুৱা সম্পত্তি ধ্বংস কৰিছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।’’আনহাতে সমগ্ৰ ঘটনা সংঘটিত হোৱাৰ বাবে দায়ী বুলি ৰাইজে দাবী কৰা অসম আৰক্ষীৰ অপৰাধ নিয়ন্ত্ৰণ বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱশৰ্মাৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰা হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শীৰ্ষ আৰক্ষী বিষয়াগৰাকীয়ে কয় যে আগতে আইন-শৃংখলা নিয়ন্ত্ৰণ কৰাৰ পিছতহে এই বিষয়ে অনুসন্ধান কৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

