তিনিদিন বোকা আৰু ধ্বংসাৱশেষৰ মাজত থকা নেপালৰ বিধ্বংসী বানপানীত এটি ছয় বছৰীয়া কিশোৰীক জীৱিত অৱস্থাত উদ্ধাৰ। ভোটে কোশী আৰু ত্ৰিশুলি নদীৰ কাষৰীয়া অঞ্চল সমূহত শ শ লোকৰ মৃত্যুৰ লগতে হাজাৰ হাজাৰ লোক নিৰুদ্দেশ হোৱাৰ পিছতে নেপালে এক ভয়াৱহ বান দুৰ্যোগৰ সৈতে যুঁজিছে। পথ নাই, ধ্বংসপ্ৰাপ্ত দলং ভয়াৱহৰ বানৰ সৈতে যুঁজি থকাৰ সময়তে উদ্ধাৰকাৰী দলে ক্ষতিগ্ৰস্ত অঞ্চল সমূহত অভিযান অব্যাহত ৰাখিছে। এনে বিধ্বংসী পৰিস্থিতিৰ মাজতে ৰাছুৱা জিলাত বোকাৰ মাজত আৱদ্ধ হৈ থকা এটি ছয়বছৰীয়া কণমানিক উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে। অভিযানকাৰী দল গৈ থকাৰ সময়তে শিশুটিৰ কান্দোন শুনিছিল, তাৰ পিছতে অথি কষ্টৰে শিশুটিৰ জীৱন বচালে উদ্ধাৰকাৰী দলে।
কঠিন পৰিস্থিতিৰ মাজেৰে অৱশেষত উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ তলৰ পৰা ছয় বছৰীয়া কিশোৰীটিক বিচাৰি উলিয়াই উলিয়াই আনে। সেই উদ্ধাৰৰ দৃশ্য ভিডিঅ’ত বন্দী কেমেৰাত, য’ত দেখা গৈছে যে শিশুটিক নিৰাপদ স্থানলৈ লৈ যোৱাৰ পূৰ্বে পৰিষ্কাৰ কৰিছে উদ্ধাৰ কৰ্মীসকলে।
শনিবাৰে বিয়লি কিশোৰীগৰাকীক বিমানেৰে কাঠমাণ্ডুলৈ লৈ যোৱা হয়। উন্নত চিকিৎসাৰ বাবে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। হাজাৰ হাজাৰ পৰিয়ালে নিৰুদ্দেশ হোৱা আত্মীয়ৰ খবৰৰ বাবে অপেক্ষা কৰি থকা আশাবাদী পৰিঘটনাৰ ভিতৰত এই শিশুটিও অন্যতম।

