বিজয়া দশমীৰ দিনটোত নাজিৰাৰ বশিষ্ঠ গংগা খ্যাত দিখৌ জলধাৰাত অশ্ৰুসিক্ত নয়নেৰে বিদায় মহিষমৰ্দিনী দেৱী দুৰ্গা

আজি বিজয়া দশমী। ষষ্ঠীত বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গা আজি নৌকাৰে গমন কৰে। বিজয়া দশমীৰ দিনটোত নাজিৰাৰ বশিষ্ঠ গংগা খ্যাত দিখৌ জলধাৰাত অশ্ৰুসিক্ত নয়নৰে বিদায় দিয়া হয় মহিষমৰ্দিনী দেৱী দূৰ্গা।

ৰাজ্যজুৰি বিজয়া দশমীৰ বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। সমান্তৰালভাৱে নাজিৰাৰ দিখৌ নদীৰ বুকুত বিজয়া দশমীৰ দিনা নাজিৰা নগৰত প্ৰায় অৰ্ধ কুৰি মৃণ্ময় মূৰ্তিৰ দিখৌৰ জলধাৰাত বিদায় দিয়া হয়। বিগত বৰ্ষৰ তুলনাত এইবাৰ নাজিৰাত শান্তি পূৰ্ণভাৱে দূৰ্গাপূজাৰ আটাইকেইটা দিন পাৰ হয়।

এই সময়ছোৱাত কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া নহ’ল নাজিৰাৰ আৰক্ষী তথা সমজিলা প্ৰশাসনৰ সুন্দৰ আইন শৃংখলাৰ ব্যৱস্থাৰ বাবে।

Related Articles