বিজেপিক ভোট নিদিয়া লোকৰ নাম কৰ্তনৰ অভিযোগ: মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

আগন্তুক অসম বিধানসভা নিৰ্বাচন কাষ চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তপ্ত হৈ উঠিছে। এই পৰিস্থিতিৰ মাজতেই শাসকীয় বিজেপি দলৰ বিৰুদ্ধে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে।

সোমবাৰে নিশা ফেচবুক লাইভযোগে অখিল গগৈয়ে অভিযোগ কৰে যে আগন্তুক বিধানসভা নিৰ্বাচনত জয়লাভ নিশ্চিত কৰাৰ উদ্দেশ্যে বিজেপিৰ জ্যেষ্ঠ নেতাসকলে ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত হেৰফেৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছে। এনে ষড়যন্ত্ৰৰে বিজেপিয়ে সংবিধানক ভৰিৰে মোহাৰি গণতন্ত্ৰ ধ্বংস কৰাৰ চেষ্টা চলাইছে বুলিও তেওঁ দাবী কৰে।

অখিল গগৈৰ অভিযোগ মতে, যোৱা ৪ জানুৱাৰীৰ নিশা প্ৰায় ৮ বজাত তেওঁ বিজেপিৰ এক ভিডিঅ’ কনফাৰেন্স প্ৰত্যক্ষ কৰে। উক্ত কনফাৰেন্সত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, বিধায়ক আৰু অন্যান্য নেতাসকল উপস্থিত আছিল বুলি তেওঁ দাবী কৰে।

তেওঁৰ বক্তব্য অনুসাৰে, সেই ভিডিঅ’ কনফাৰেন্সতেই বিজেপি সভাপতি দিলীপ শইকীয়াই কেবিনেট মন্ত্ৰী অশোক সিংঘালক ৬০টা বিধানসভা সমষ্টিৰ যোগ্য ভোটাৰৰ নাম কৰ্তন কৰাৰ দায়িত্ব দিছিল। লগতে বিজেপিক ভোট নিদিয়া লোকসকলৰ নামৰ তালিকা অহা ১২ জানুৱাৰীৰ ভিতৰত জমা দিবলৈ বিজেপিৰ বিধায়ক আৰু মণ্ডল সভাপতিসকলক নিৰ্দেশ দিয়া হৈছিল বুলিও অখিল গগৈয়ে অভিযোগ তোলে।

বিজেপিক ভোট নিদিয়া নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটি দিয়াৰ লক্ষ্যৰে এই সমগ্ৰ প্ৰক্ৰিয়া চলোৱা হৈছে বুলি দাবী কৰি অখিল গগৈয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ৪ জানুৱাৰীৰ উক্ত ভিডিঅ’ কনফাৰেন্সৰ ৰেকৰ্ডিং ৰাজহুৱা কৰিবলৈ প্ৰত্যাহ্বান জনায়।

তেওঁ লগতে কয়, যদি তেওঁৰ অভিযোগ মিছা প্ৰমাণিত হয়, তেন্তে তেওঁ নাৰ্কো-এনালাইছিছ টেষ্টৰ সন্মুখীন হ’বলৈও সাজু। এই ঘটনাক তেওঁ গণতন্ত্ৰৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বুলি অভিহিত কৰি সমগ্ৰ বিষয়টোৰ ওপৰত উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্তৰ দাবী জনায়।

অৱশ্যে, অখিল গগৈৰ এই গুৰুতৰ অভিযোগ সন্দৰ্ভত এইপৰ্যন্ত বিজেপি নেতৃত্বই কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। আগন্তুক দিনত মুখ্যমন্ত্ৰী বা বিজেপি নেতৃত্বই এই অভিযোগৰ প্ৰতি কেনে প্ৰতিক্ৰিয়া আগবঢ়ায়, সেয়া লক্ষণীয় হ’ব।

Related Articles