অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক্কালে ভাৰতীয় জনতা পাৰ্টী (বিজেপি)-এ প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পাছতেই একাংশ আগশাৰীৰ নেতাক টিকট নিদিয়াৰ বিষয়টো লৈ দলীয় মহলত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে।
এইবাৰ দলৰ পৰা টিকট নাপোৱা নেতাসকলৰ ভিতৰত উল্লেখযোগ্য হৈছে দিছপুৰ সমষ্টিৰ অতুল বৰা, বিজনীৰ অজয় ৰায়, পূব গুৱাহাটীৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু হোজাইৰ ৰামকৃষ্ণ ঘোষ। আনহাতে, বিহপুৰীয়াৰ অমিয় কুমাৰ ভূঞা, বিহালীৰ দিগন্ত ঘাটোৱাল আৰু হাফলঙৰ নন্দিতা গাৰ্লোছাও এই তালিকাত অন্তৰ্ভুক্ত।
বৰাক উপত্যকাৰ শিলচৰৰ দ্বীপায়ন চক্ৰৱৰ্তী, ঢলাইৰ নিহাৰ ৰঞ্জন দাস আৰু উদাৰবন্দৰ মিহিৰকান্তি সোমেও এইবাৰ দলৰ পৰা মনোনয়ন লাভ নকৰা বুলি জানিব পৰা গৈছে।
ইয়াৰ লগতে পলাশবাৰীৰ হেমাংগ ঠাকুৰীয়া, হাজোৰ সুমন হৰিপ্ৰিয়া, বোকাজানৰ ডাঃ নোমল মমিন আৰু ডিফুৰ বিদ্যাছিং ইংলেংকো টিকট নিদিয়াৰ সিদ্ধান্ত লোৱা হৈছে।

চাবুৱা সমষ্টিৰ পোনাকণ বৰুৱা, দেৰগাঁৱৰ ভবেন ভৰালী, বিশ্বনাথৰ প্রমোদ বৰঠাকুৰ আৰু বৰচলাৰ গণেশ লিম্বুও এইবাৰ বঞ্চিত হৈছে। লগতে হাওৰাঘাটৰ দৰছিং ৰংহাং আৰু বৈঠালাংছৰ ৰূপসিং তেৰণেও টিকট লাভ নকৰিলে।
বিজেপিৰ এই সিদ্ধান্তক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ৰাজনৈতিক চৰ্চা তীব্ৰ হৈ পৰিছে। বহুতে এই সিদ্ধান্তক দলৰ কৌশলগত পদক্ষেপ বুলি বিবেচনা কৰিছে যদিও আনফালে বঞ্চিত নেতাসকলৰ সমৰ্থকসকলৰ মাজত অসন্তোষৰ সুৰো শুনা গৈছে।
আহি থকা দিনসমূহত এই বিষয়টোয়ে ৰাজ্যৰ ৰাজনীতিত কেনেধৰণৰ প্ৰভাৱ পেলায় সেয়া লক্ষণীয় হ’ব।

