বিটিআৰ নিৰ্বাচনৰ প্ৰাকক্ষণত শুক্লাই চেৰফাংত BPF দলত খহনীয়া, বহু যুৱ নেতা BJPত যোগদান । BTR

১০ জুন,২০২৫ঃ BTR (Bodoland Territorial Region) নিৰ্বাচনক বিজেপিয়ে অত্যাধিক গুৰুত্ব সহকাৰে লৈছে। যোগদান কাৰ্যসূচীসমূহৰ জড়িয়তে বিটিআৰখনত দলটো অধিক শক্তিশালী হৈ উঠিছে বুলি মন্তব্য কৰিছে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য তথা যুৱ আয়োগৰ সদস্য ৰাতুল শৰ্মাই।

BTC নিৰ্বাচনৰ প্ৰাকক্ষণত তামুলপুৰ জিলাৰ শুক্লাই চেৰফাং সমষ্টিত BPF (Bodoland People’s Front) দলত দেখা গৈছে গুৰুত্বপূর্ণ খহনীয়া। আজি শুক্লাই চেৰফাং মণ্ডল বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এখন বিশেষ যোগদান সভা, য’ত বৃহৎ সংখ্যক যুৱ নেতা BJPত যোগদান কৰে।

এই সভাত শুক্লাই চেৰফাং যুৱ BPFৰ সম্পাদক ডেৰহাচা বড়োৰ লগতে কেইবাগৰাকী যুৱ নেতাই BJP দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰাতুল শৰ্মা, তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাস, উপ-সভাপতি ৰান্ধোৱা বড়ো, জিনা বড়ো, বিটিআৰৰ EM ৰনেন্দ্ৰ নাৰ্জাৰী আদি লগতে কেইবাগৰাকী দলীয় নেতা।

সভাত দলীয় নেতৃত্বই বুথ পৰ্যায়ৰ তিনিজনীয়া সমিতিৰ সৈতে বৰ্তমান সাংগঠনিক পৰিস্থিতি সম্পৰ্কে মত-বিনিময় কৰে। দলটোৰ লক্ষ্য আগন্তুক নিৰ্বাচনত বিটিআৰখনত অধিক আসন লাভ কৰাৰ লগতে শক্তিশালী সংগঠন গঢ়ি তোলা বুলি নেতৃত্বই উল্লেখ কৰে।

Related Articles