“বিটিচি বিধান পৰিষদৰ সদনৰ আক্ৰমণৰ আঁৰত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক জড়িত আছিল ! তেওঁলোকৰ প্ৰৰোচনাতে বিটিচি বিধান পৰিষদৰ আক্ৰমণৰ ঘটনাটো সংঘটিত হোৱাৰ তথ্য পোৱা গৈছে ।” এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে ।

বুধবাৰে কোকৰাঝাৰত আয়োজিত শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি হাগ্ৰামা মহিলাৰীয়ে কয়, “কালি বিটিচিৰ কাৰ্যনিৰ্বাহক সভাত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হৈছে । বিটিচি বিধান পৰিষদৰ কাৰ্যনিৰ্বাহক সিদ্ধান্ত অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক, উপ পঞ্জীয়ক আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কক অব্যাহতি দিয়াৰ প্ৰস্তাৱ লোৱা হৈছে । তদুপৰি বিটিচি বিধান পৰিষদৰ সদন আক্ৰমণৰ ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত কৰা হ’ব । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা ন্যায়িক তদন্ত কৰাৰ বাবে প্ৰস্তাৱ লোৱা হৈছে । এই তদন্তৰ পাছত কোন সঁচা কোন, মিছা কোন সকলো ওলাই পৰিব ৷ এতিয়া গান গাই থাকি লাভ নাই ।”

উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ সুবুং বসুমতাৰী, উপ পঞ্জীয়কৰ দায়িত্বত বিৰফুং নাৰ্জাৰী আৰু কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ দায়িত্বত ড৹ ডিমাছা ডিব্ৰাং মুছাহাৰী আছে ৷

