বিতৰকক পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত ৰখাৰ নিৰ্দেশ…

মধ্য প্ৰাচ্যৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত দেশৰ বিভিন্ন ৰাজ্যকে ধৰি অসমতো এলপিজিৰ নাটনি হোৱা বুলি বহুতে আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে৷ এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ ইণ্ডিয়ান অইল কৰ্প’ৰেচন লিমিটেডৰ অধ্যক্ষ এ সাহানীয়ে গুৱাহাটী ভ্ৰমণ কৰি ৰাজ্যখনত এলপিজি যোগানৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে সেৱা প্ৰদানৰ মূল্যায়ন কৰে৷ এই ভ্ৰমণৰ সময়ত সাহানীয়ে এলপিজি বিতৰক, গ্ৰাহক আৰু ক্ষেত্ৰ দলসমূহৰ সৈতে মত বিনিময় কৰি মজুতকৰণৰ প্ৰস্তুতি, সুৰক্ষা ব্যৱস্থা আৰু সামগ্ৰিক কাৰ্যকৰী দক্ষতাৰ মূল্যায়ন কৰে৷ সাহানীয়ে অসম আৰু মেঘালয়ৰ প্ৰতিটো তেল বিপণন কোম্পানীৰ এলপিজি বিতৰকসকলৰ সৈতে বৈঠকত মিলিত হৈ কাম-কাজত স্বচ্ছতা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ তেওঁ ১০০ণ ডিএচি অনুসৰণৰ কঠোৰ নিয়মৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু এলপিজি চিলিণ্ডাৰ যাতে কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ প্ৰকৃত গ্ৰাহকে লাভ কৰে, তাৰ বাবে ই-কেৱাইচি প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰো আহ্বান জনায়৷

যিকোনো নীতিবহিৰ্ভূত পদ্ধতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতিৰ কথা উল্লেখ কৰি সাহানীয়ে বিতৰকসকলক পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ মজুত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে৷ তদুপৰি সময় মতে আৰু কোনোধৰণৰ বিসংগতি সৃষ্টি নোহোৱাকৈ যাতে গ্ৰাহকসকলে ঘৰতে চিলিণ্ডাৰ লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে৷ তদুপৰি গ্ৰাহকসকলৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে বিষয়াগৰাকীয়ে৷ মুৰব্বী সাহানীয়ে যোগান শৃংখলৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰি অংশীদাৰসকলক সুৰক্ষা নীতি আৰু কাৰ্যকৰী নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ আহ৩ান জনায়৷ ইণ্ডিয়ান অইলৰ তৰফৰ পৰা বিষয় সন্দৰ্ভত এনেদৰে কোৱা হৈছে– ‘অঞ্চলটোত সঠিক পৰিমাণে এলপিজিৰ যোগান ধৰা হৈ আহিছে ৷

কোনো নাটনিৰ খবৰ পোৱা নাই৷’ কোম্পানীটোৱে আশ্বাস দিয়ে যে গ্ৰাহকক এলপিজিৰ নিয়মীয়া যোগান সুনিশ্চিত কৰিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ গ্ৰাহকসকলক ধৈৰ্য ধৰিবলৈ আৰু উৰাবাতৰিৰ পৰা হাত সাৰি থাকিবলৈ পৰামৰ্শ দিছে কোম্পানীটোৱে৷ কিয়নো কোম্পানীটোৰ প্ৰতিগৰাকী কৰ্মীয়ে এইক্ষেত্ৰত অহৰহ কাম কৰি আছে৷ অত্যাৱশ্যকীয় সেৱাসমূহ যাতে কোনো ধৰণৰ ব্যাঘাত নোহোৱাকৈ গ্ৰাহকে লাভ কৰে, তাৰ বাবে ইন্ধন যোগান ব্যৱস্থাসমূহ নিৰীক্ষণ আৰু শক্তিশালী কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে৷

পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰণালয়ে সম্বোধন কৰা সংবাদ মেলত চৰকাৰে পুনৰ এবাৰ স্পষ্ট কৰি দিয়ে যে পৰ্যাপ্ত পৰিমাণে এলপিজিৰ যোগান ধৰা হৈ আছে৷ চাহিদা পূৰণৰ বাবে অতিৰিক্ত চিলিণ্ডাৰ পৰিবাহী জাহাজৰো আগতীয়া বন্দোবস্ত কৰা হৈছে৷ তেল আৰু গেছ কোম্পানীসমূহে তেওঁলোকৰ শীৰ্ষ নেতৃত্বকে ধৰি বিগত দুদিন ধৰি সক্ৰিয়ভাৱে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে ৷ কোনো যতি নপৰাকৈ বিতৰণ ব্যৱস্থা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰসমূহে নিয়মীয়াকৈ পৰ্যালোচনা কৰি আছে আৰু ক’লা ব্যৱসায় বা অবৈধভাৱে চিলিণ্ডাৰ মজুত ৰখা যিকোনো লোকৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছে৷ মন্ত্ৰণালয়ে কয় যে এলপিজি বিতৰকৰ কোনো অভাৱ হোৱা নাই আৰু যোগানৰ কাম সম্পূৰ্ণভাৱে নিয়মীয়াকৈ অব্যাহত আছে৷

Related Articles