বিশিষ্ট সাহিত্যিক, অভিনেত্ৰী গীতালী বৰুৱাৰ পৰলোক গমন ।Geetali Baruha

Geetali Baruha । অসমৰ চিৰপৰিচিত সাহিত্যিক, অভিনেত্ৰী বিলাসীপাৰা চহৰৰ বাসিন্দা গীতালী বৰুৱা আজি পুৱা ১০-৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বে-চৰকাৰী হেল্থ কেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।তেখেতৰ মৃত্যুত সমগ্ৰ অসম তথা নিজ জিলা ধুবুৰী জিলাৰ প্ৰান্তে প্ৰান্তে শোকৰ ছা পৰিছে ।পৰিয়ালৰ সূত্ৰত জানিব পৰা মতে, কালি আবেলি শ্বাস-প্ৰশ্বাসত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে।তেখেতৰ স্বামী চিকিৎসক বিশেষজ্ঞ ডক্টৰ অখিল কুমাৰ বৰুৱাই ততালিকে পৰিয়াল সহ গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিং হোম হেল্থ কেয়াৰত ভৰ্তি কৰোৱায়।চিকিৎসাধীন অৱস্থাত আজি দিনৰ ১০-৩০ বজাত সাহিত্যিক গীতালী বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে ।মৃত্যুৰ আগলৈকে তেখেত এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক, অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী ,অসম সাহিত্য সভাৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণি বঁটা প্ৰাপক সাহিত্যিক আৰু শেহতীয়াকৈ বধুবুৰী জিলা সাহিত্য সভাৰ প্ৰথম গৰাকী প্ৰাক্তন সভানেত্ৰীৰ পদ অলংকৃত কৰি গৈছে।মৃত্যুৰ সময়ত চিকিৎসক স্বামী ডক্টৰ অখিল কুমাৰ বৰুৱা পুত্র মাধৰ্য বৰুৱা ,বহু গুণমুগ্ধক এৰি থৈ যায়।তেখেতৰ মৃত্যুত বিলাসীপাৰা শাখা সাহিত্য সভা, কাজল ভোমৰা শিল্পী সমাজ,বিলাসীপাৰা প্ৰেছ ক্লাৱকে ধৰি বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ দুখ প্ৰকাশ কৰি সাহিত্যিক গৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে।বিলাসীপাৰা শাখা সাহিত্য সভাৰ পতাকা অধঃনিৰ্মিত কৰি তিনিদিনীয়াকৈ শোক পালন কৰিব বুলি জানিব পৰা গৈছে।অসমৰ চিৰপৰিচিত সাহিত্যিক, অভিনেত্ৰী বিলাসীপাৰা চহৰৰ বাসিন্দা গীতালী বৰুৱা আজি পুৱা ১০-৩০ বজাত হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন বে-চৰকাৰী হেল্থ কেয়াৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।তেখেতৰ মৃত্যুত সমগ্ৰ অসম তথা নিজ জিলা ধুবুৰী জিলাৰ প্ৰান্তে প্ৰান্তে শোকৰ ছা পৰিছে ।বিশিষ্ট সাহিত্যিক, অভিনেত্ৰী গীতালী বৰুৱাৰ পৰলোক গমন

পৰিয়ালৰ সূত্ৰত জানিব পৰা মতে, কালি আবেলি শ্বাস-প্ৰশ্বাসত গুৰুতৰ ভাবে অসুস্থ হৈ পৰে।তেখেতৰ স্বামী চিকিৎসক বিশেষজ্ঞ ডক্টৰ অখিল কুমাৰ বৰুৱাই ততালিকে পৰিয়াল সহ গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিং হোম হেল্থ কেয়াৰত ভৰ্তি কৰোৱায়।চিকিৎসাধীন অৱস্থাত আজি দিনৰ ১০-৩০ বজাত সাহিত্যিক গীতালী বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে ।মৃত্যুৰ আগলৈকে তেখেত এগৰাকী প্ৰতিষ্ঠিত সাহিত্যিক, অসমীয়া বোলছবি জগতৰ অভিনেত্ৰী ,অসম সাহিত্য সভাৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণি বঁটা প্ৰাপক সাহিত্যিক আৰু শেহতীয়াকৈ বধুবুৰী জিলা সাহিত্য সভাৰ প্ৰথম গৰাকী প্ৰাক্তন সভানেত্ৰীৰ পদ অলংকৃত কৰি গৈছে।মৃত্যুৰ সময়ত চিকিৎসক স্বামী ডক্টৰ অখিল কুমাৰ বৰুৱা পুত্র মাধৰ্য বৰুৱা ,বহু গুণমুগ্ধক এৰি থৈ যায়।তেখেতৰ মৃত্যুত বিলাসীপাৰা শাখা সাহিত্য সভা, কাজল ভোমৰা শিল্পী সমাজ,বিলাসীপাৰা প্ৰেছ ক্লাৱকে ধৰি বহু সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ দুখ প্ৰকাশ কৰি সাহিত্যিক গৰাকীৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে।বিলাসীপাৰা শাখা সাহিত্য সভাৰ পতাকা অধঃনিৰ্মিত কৰি তিনিদিনীয়াকৈ শোক পালন কৰিব বুলি জানিব পৰা গৈছে।

Related Articles