বিশেষভাৱে সক্ষম যুৱক বিভূতিভূষণ নতুন প্ৰজন্মৰ আদৰ্শ

ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজৰ লগতে আনকো সংস্থাপিত কৰিছে

দুয়োখন ভৰি জন্মৰ পৰাই সুস্থ সৱল নাছিল ,ল’ৰাজনৰ ৷ তথাপিওঁ , ল’ৰাজনে স্বচ্ছন্দে জীয়াই থাকিবলৈ, নিচেই সৰুৰে পৰাই দেখিছিল দুৰ্বাৰ সপোন ৷ আশ্ৰয়হীন ভাৱে এখোজো কাঢ়িব নোৱাৰা ল’ৰাজনে আন দহজন সাধাৰণ মানুহৰ দৰেই কৰিছিল কৰ্মময় জীৱন সংগ্ৰাম ৷ বিশেষভাৱে সক্ষম এই ল’ৰাজনৰ নাম বিভূতিভূষণ বৰুৱা ৷ উঠি অহা নৱ প্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ এই ল’ৰাজনে প্ৰৱল ইচ্ছা শক্তি আৰু মাতৃৰ সহযোগত অব্যাহত ৰাখিছিল জীৱনৰ কঠোৰ সংগ্ৰাম ৷ বঢ়মপুৰ হাজৰিকাচুক নিবাসী গজেন্দ্ৰ বৰুৱা আৰু অনিমা হাজৰিকাৰ জেষ্ঠ পুত্ৰ , বিশেষভাৱে সক্ষম এই দৃঢ়মনা যুৱকজনে ২০০৮ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অবতীৰ্ণ হৈ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পাছত ২০১০ চনত নগাঁও মহাবিদ্যালয়ৰ পৰা কলা শাখাত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হয় ।

সমান্তৰালভাৱে গ্ৰহণ কৰিছিল কম্পিউটাৰ শিক্ষা ৷ হঠাতে এদিন বাতৰি কাকতত মমবাতি আৰু ধূপকাঠি নিৰ্মাণ সন্দৰ্ভত সৱিশেষ তথ্যৰ সম্ভেদ পাই তেওঁ কুটিৰ শিল্পৰ উদ্যোগ এটি গঢ়ি তুলিবলৈ মন মেলিলে ৷ আৰ্থিক সংকটৰ মাজতো পিতৃ-মাতৃৰ সহযোগত ঘৰতে এটি কম্পিউটাৰ চেন্টাৰৰ লগতে শিখা কেণ্ডেল আৰু সুগন্ধি উদ্যোগ নামেৰে দুটি উদ্যোগ গঢ়ি তুলিলে ৷ উন্নতমানৰ ধূপ আৰু মম নিৰ্মানত মনোনিৱেশ কৰি প্ৰথমাৱস্থাত যথেষ্ট পৰিমাণে লাভাম্বিত হৈছিল যুৱকজন ৷ স্থানীয় দুই এগৰাকী যুৱক-যুৱতীকো কৰ্মসংস্থাপনৰ সুবিধা প্ৰদান কৰিছিল ৷ হঠাতে এদিন বিভূতিভূষণৰ কুটিৰ শিল্পৰ উদ্যোগটি আৰু কম্পিউটাৰ চেন্টাৰটো ভয়াৱহ ক’ভিড পৰিস্থিতিৰ সময়চোৱাত বন্ধ হৈ পৰে ৷ অভাৱনীয়ভাৱে নামি আহিল দুৰ্যোগ। বৰ্তমানে বিশেষভাৱে সক্ষম এই যুৱকজনে আৰ্থিক সংকটত ভূগিব লগা হৈছে ; যাৰবাবে কেইবাটাও পৰিয়াললৈকো নামি আহিছে সীমাহীন দুৰ্যোগ ৷ এই ক্ষেত্ৰত যুৱকজনে বঢ়মপুৰ সমষ্টিৰ স্থানীয় বিধায়ক জিতু গোস্বামীৰ প্ৰত্যক্ষ সহায়-সহযোগিতা বিনম্ৰতাৰে কামনা কৰিছে ৷ আৰ্থিক অনাতনৰ ফলত শিল্পালয়খন পুনৰ উজ্জীৱিত কৰিবলৈ সক্ষম নোহোৱাত বিভূতিভূষণ মানসিকভাৱেও ভাঙি পৰিছে ৷ বিভূতিভূষণৰ মাতৃ অনিমা হাজৰিকাই স্থানীয় বিধায়ক গৰাকীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে যেন পুত্ৰক অকনমান দয়াৰ দৃষ্টিৰে চাই ৷ লগতে ৰাজ্যৰ অন্যান্য বিশেষভাৱে সক্ষম যুৱক-যুৱতী সকলেও যেন জীয়াই থকাৰ নূন্যতম সুবিধাকন পায় ৷

উল্লেখযোগ্য যে যিটো সময়ত অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী কৰ্মসংস্থাপনৰ আশত হাহাকাৰ কৰি ফুৰিছে অথবা চৰকাৰী কৰ্মসংস্থাপন বিছাৰি থাকোতে জীৱনৰ আধা বয়স পাৰ হৈছে সেই সময়ত নিবনুৱাৰ বাবে আদৰ্শৰ প্ৰতীক হিছাপে চিহ্নিত হৈছে বঢ়মপুৰ হাজৰিকা চুকৰ এই শাৰিৰীক ভাৱে অক্ষম শিক্ষিত যুৱকজন।চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষ সুবিধা থকাৰ পাছতো চৰকাৰী চাকৰিলৈ আশা নকৰি ঘৰতে ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি নিজে সংস্থাপিত হোৱাৰ লগতে আনকো সংস্থাপিত কৰিবলৈ কৰা প্ৰয়াসে বঢ়মপুৰলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।

Related Articles