বিশেষ বিধানসভা অধিৱেশন: মুখামুখি গৌৰৱ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা – “বাঘে-ছাগে একেলগে” চৰ্চা তীব্ৰ । Assambley

৯ জুন ২০২৫: assambley । সোমবাৰে অনুষ্ঠিত হয় অসম বিধানসভাৰ বিশেষ অধিৱেশন, য’ত লোকসভাৰ কেইবাগৰাকীও সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকে। এই অধিৱেশনখন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত ডিব্ৰুগড় বিমানবন্দৰ নামকৰণৰ সিদ্ধান্তক কেন্দ্ৰ কৰি অনুষ্ঠিত কৰা হয়।

বিশেষকৈ আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰে লোকসভাৰ বিৰোধী উপ-দলনেতা তথা সদ্য নিযুক্ত প্ৰদেশ কংগ্ৰেছ সভাপতি গৌৰৱ গগৈৰ উপস্থিতি। গৌৰৱ গগৈক দেখা যায় বিধানসভাৰ অধ্যক্ষৰ অতিথি গেলাৰীত, য’ত তেওঁ কিছু সময় কাৰ্যাৱলী পৰ্যবেক্ষণ কৰি কংগ্ৰেছ বিধায়কৰ সৈতে সৌজন্য সাক্ষাৎ কৰে। তেওঁ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীকো সাক্ষাৎ কৰে।

উল্লেখযোগ্যভাৱে, এই অধিৱেশনতে উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্যমন্ত্ৰী শৰ্মাই শেহতীয়াকৈ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত বিস্ফোৰক মন্তব্য আগবঢ়াইছিল, আৰু এই পটভূমিতেই দুয়ো নেতাৰ “মুখামুখি” উপস্থিতিৰে বিধানসভা প্ৰাঙ্গণত “বাঘে-ছাগে একেলগে” বুলি চৰ্চা তীব্ৰ হয়।

গৌৰৱ গগৈয়ে সংবাদমেলত কয়, “আজিৰ দিনটোত আমি অসমবাসীৰ গৌৰৱ, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামেৰে ডিব্ৰুগড় বিমানবন্দৰ নামকৰণক সমৰ্থন জনাবলৈ আহিছো। এই সিদ্ধান্তক আমি সকলোৱে উষ্ম অভিবাদন জনাইছো। আশা কৰো, চৰকাৰে এতিয়াৰে পৰা বিমান যোগাযোগো অধিক উন্নত কৰাৰ দিশত গুৰুত্ব দিব।”

আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৌৰৱ গগৈৰ উপস্থিতিৰ ওপৰত মন্তব্য কৰি কয়, “গৌৰৱ গগৈ গেলাৰীত আহিছে ঠিকেই, কিন্তু কংগ্ৰেছে যিমানেই চেষ্টা কৰক, অসমৰ ৰাইজৰ অন্তৰ জয় কৰিব নোৱাৰে।”

Related Articles