বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছতে অসমত সামাজিক মাধ্যমত আক্ৰমণ কংগ্ৰেছক

বিহাৰত এনডিএৰ বৃহৎ জয়ৰ পিছত অসমত সক্ৰিয় হৈ পৰিছে নেকি বিজেপিৰ আইটি চেল? শুকুৰবাৰে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ পিছত অসমত কংগ্ৰেছ নেতাক সামাজিক মাধ্যমত আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই। বিৰোধী দলপতি দেবব্ৰত শইকীয়াৰ পৰা কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰলৈকে সকলো আক্ৰমণৰ লক্ষ্য হৈ পৰিছে। কংগ্ৰেছক আক্ৰমণ কৰা ট্র’লিং, মীম, অপমানসূচক মন্তব্যক লক্ষ্য কৰি বিশ্লেষকসকলে ধাৰণা কৰিছে এইয়া বিজেপি IT চেলৰ পৰিকল্পিত আক্ৰমণ। মীৰা বৰঠাকুৰে এই আক্ৰমণক “অঘোষিত ধৰ্ষণ” আখ্যা দিছে।
বিশ্লেষকসকলৰ অভিযোগ, ” ইমান পৰিকল্পিত ধৰণেৰে আৰু বৃহৎ আক্ৰমণ কৰাসকলক কেতিয়াও সাধাৰণ ব্যক্তি নহয়। এওঁলোক হয়তো বিজেপি আই টি চেলৰ কৰ্মী।”

আনহাতে, এই ঘটনাক তীব্র গৰিহণা জনাই কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। লগতে ইয়াক “অঘোষিত ধৰ্ষণ” বুলিও  মন্তব্য কৰি কঠোৰ সমালোচনা কৰে। ফেচবুক লাইভযোগে তেওঁৰ অভিযোগ— “বিহাৰত পৰাজয় দেখিবলৈ পোৱাৰ পিছতেই অসমত কংগ্ৰেছ নেতাসকলৰ ওপৰত সংগঠিত আক্রমণ নামি আহে। ই গণতান্ত্ৰিক মূল্যবোধৰ ওপৰত আঘাত।” ইফালে দেৱব্ৰত শইকীয়াকো ডিজিটেল আক্রমণৰ বিৰুদ্ধে স্পষ্টভাৱে মত প্ৰকাশ কৰা দেখাবলৈ পোৱা গৈছে । তেওঁৰ অভিযোগ — “ৰাজনীতিৰ মতভেদ চলিব পাৰে, কিন্তু ব্যক্তিগত জীৱনৰ তথ্য বিকৃত কৰি উপহাস কৰা সম্পূৰ্ণভাৱে অগ্রহণযোগ্য।”
যদি এই ডিজিটেল আক্ৰমণ সঁচাই আইটি চেলৰ সংগঠিত অভিযান হয়, তেন্তে তেওঁলোক “নাৰেটিভ প্ৰস্তুত” কৰাত সফল। এতিয়া লক্ষ্যণীয় হ’ব—বিৰোধীয়ে ইয়াৰ প্ৰত্যুত্তৰ কেনেদৰে দিব? কংগ্ৰেছ কি এই সংগঠিত আক্ৰমণৰ বিৰুদ্ধে নিজস্ব ডিজিটেল নাৰেটিভ গঢ়িব পাৰিবনে?

Related Articles