দেশৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। বি চি চি আইৰ নতুন অধ্যক্ষ হিচাবে নিৰ্বাচিত হৈছে মিঠুন মানহাছ। প্ৰাপ্ত খবৰ অনুসৰি দেওবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ বাৰ্ষিক সাধাৰণ সভাত নিৰ্বাচিত হয় বি চি চি আইৰ নতুন অধ্যক্ষ । বি চি চি আইৰ বাৰ্ষিক সাধাৰণ সভাত দেশৰ ক্ৰিকেট বোৰ্ডৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় দিল্লী দলৰ প্ৰাক্তন অধিনায়ক মিঠুন মানহাছ ।

আনহাতে, এ জি এমত গ্ৰহণ কৰা হয় আন কেইটামান গুৰুত্বপূৰ্ণ সিদ্ধান্ত । সেই অনুসৰি বি চি চি আইৰ সচিব পদত দেৱজিৎ শইকীয়া

আৰু আই পি এল গৱৰ্নিং কাউন্সিলৰ অধ্যক্ষ পদত অৰুণ ধুমল পৰৱৰ্তী কাৰ্যকালৰ বাবে বাহাল থাকিব ।

ইয়াৰ উপৰি কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ মুৰব্বী তথা প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ ৰঘুৰাম ভাটে কোষাধ্যক্ষ নিৰ্বাচিত হয় ।

৪৫ বছৰীয়া মানহাছে বোৰ্ডৰ ৩৭ সংখ্যক সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিব । যোৱা মাহত ৭০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত পদত্যাগ কৰা বি চি চি আইৰ অধ্যক্ষ ৰজাৰ বিনিৰ উত্তৰসুৰী হিচাপে তেওঁক নিৰ্বাচিত কৰা হয় । ১৯৯৭-৯৮ চনৰ পৰা ২০১৬-১৭ চনৰ ভিতৰত ১৫৭ খন প্ৰথম শ্ৰেণী, ১৩০ খন লিষ্ট এ আৰু ৫৫ খন আই পি এল মেচত অংশগ্ৰহণ কৰা প্ৰাক্তন অল ৰাউণ্ডাৰগৰাকীয়ে চলিত মাহৰ আৰম্ভণিতে নতুন দিল্লীত বোৰ্ডৰ শক্তি নিৰ্ধাৰক সমিতিৰ এক অনানুষ্ঠানিক বৈঠকত তেওঁ সৰ্বসন্মত প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰিছিল ।মানহাছে লিষ্ট এৰ মেচত ৪,১২৬ ৰাণ সংগ্ৰহ কৰাৰ উপৰি ২৭ টা শতকেৰে তেওঁ প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ৯,৭১৪ ৰাণৰ এক আকৰ্ষণীয় ৰেকৰ্ড গঢ়ি তুলিছে ।আন এক উল্লেখযোগ্য পৰিৱৰ্তনত বি চি চি আয়ে প্ৰভতেজ ভাটিয়াক কোষাধ্যক্ষৰ পৰা ৰোহণ গাউন্স দেশাইৰ স্থানত যুটীয়া সচিবলৈ উন্নীত কৰিছে । আনহাতে, দিলীপ ভেংছৰকাৰৰ স্থানত সৌৰাষ্ট্ৰ ক্ৰিকেট সন্থাৰ সভাপতি জয়দেৱ শ্বাহক দেশৰ শীৰ্ষ ক্ৰিকেট নিয়ন্ত্ৰণ সংস্থাটোৰ সদস্য হিচাপে মনোনীত কৰে ।ইফালে নীতু ডেভিদৰ স্থানত মহিলা বাছনি পেনেলৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয় অমিতা শৰ্মাক । ১১৬ খন এদিনীয়া খেলত অংশগ্ৰহণ কৰা ভাৰতৰ প্ৰাক্তন বেগী বলাৰগৰাকীৰ সৈতে থাকিব শ্যামা দে’, জয়া শৰ্মা আৰু শ্রৱন্তী নাইডু । ভাৰত আৰু শ্ৰীলংকাত ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈকে অনুষ্ঠিত হ’বলগীয়া মহিলা বিশ্বকাপৰ পিছতে তেওঁলোকৰ কাৰ্যকাল আৰম্ভ হ’ব ।

