ব্যতিক্ৰমৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিনত শ্রদ্ধাঞ্জলি অনুষ্ঠান

ভাৰতীয় সংগীত জগতৰ অমূল্য ৰত্ন প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে ব্যতিক্ৰমৰ উদ্যোগত আয়োজন কৰে এক স্মৰণীয় অনুষ্ঠান। ১৮ নৱেম্বৰ তাৰিখে মাছখোৱা প্রাগজ্যোতিষ আই টি আই প্রাঙ্গণত বিয়লি ৪ বজাত অনুষ্ঠিত হ’য় এই অনুষ্ঠান। জুবিন গাৰ্গৰ অকাল মৃত্যুরে সংগীতজগতত সৃষ্টি কৰা অপূর্ণীয় শূণ্যতা অনুভৱ কৰি, অনুষ্ঠানত সংগীতপ্রেমী আৰু অনুৰাগীগণে একত্ৰিত হৈ তেওঁৰ সংগীত-ঐতিহ্যৰ প্ৰতি গভীৰ শ্রদ্ধাজ্ঞাপন কৰে। তেওঁৰ কণ্ঠৰ জাদু, সুৰৰ গভীৰতা আৰু সংগীতৰ লগতে পথ দেখুৱাই যোৱা সাংস্কৃতিক মূল্যবোধৰ কথা এই অনুষ্ঠানত বিশেষভাৱে সোঁৱৰণ কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে শিল্পী গৰাকীৰ প্ৰিয় গীত ‘মায়াবিনী’ সমবেতভাৱে গোৱা হয়। উপস্থিত সকলোয়ে একেলগে গীতৰ সুৰৰ্ত অংশ লয় আৰু আবেগমণ্ডিত পৰিবেশত জুবিন গাৰ্গৰ সংগীতসত্তাক স্মৰণ কৰে। তাৰ পিছতে তেওঁৰ ৫৩ বছৰীয়া জন্মদিন সোঁৱৰণৰ অৰ্থত ৫৩ টা মাটিৰ চাকি জ্বলাই বিশেষ শ্রদ্ধাঞ্জলি দিয়া হয়। ব্যতিক্ৰমৰ কৰ্ণধাৰ ড° সৌমেন ভাৰতীয়াই অনুষ্ঠানত কয় “জুবিন গাৰ্গৰ সংগীত-যাত্ৰাই ভাৰতীয় সংগীত জগতক অনন্য উচ্চতালৈ লৈ গৈছে। তেওঁৰ স্মৃতি, সৃষ্টিৰ শক্তি আৰু কৰ্মই নতুন প্রজন্মক অৱিৰত অনুপ্রাণিত কৰি ৰাখিব। মৃত্যু এক চিৰসত্য, যদিও এনে মৃত্যুক মানি ল’ব আমাৰ বাবে অতি কঠিন। তথাপিও প্রতি মুহূর্ততে তেওঁক সোঁৱৰাটোৱে যেন তেওঁৰ প্ৰতি আমাৰ প্ৰেম, শ্রদ্ধা আৰু অনুভব জীয়াই থাকাতো বুজায়।” ব্যতিক্ৰমৰ বিশেষ উদ্যোগত জুবিন গাৰ্গক কেন্দ্ৰ কৰি ৫৩ গৰাকী কবিৰ ৫৩ খন কবিতা সংকলন কৰা এক অনন্য কবিতা পুথিৰ উন্মোচন অনুষ্ঠানটোৰ অন্যতম আকর্ষণ হৈ উঠে। এই পুথিটো জুবিন গাৰ্গৰ জীৱন, শিল্পযাত্ৰা আৰু সংগীত-অনুভৱক বিভিন্ন কবিৰ দৃষ্টিৰে অলংকৃত কৰি তোলা এক মূল্যবান সৃষ্টি। ব্যতিক্ৰমৰ এই উদ্যোগে শিল্পীজনৰ স্মৃতি সংৰক্ষণত এক নতুন দিশ প্রদান কৰাৰ লগতে সাহিত্য-সংগীত দুয়োক সমন্বিত কৰাতো এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গণ্য হয়। অনুষ্ঠানত কবিতা আবৃত্তি, নৃত্য, আৰু জুবিন গাৰ্গৰ জীৱন আৰু সংগ্ৰামৰ ওপৰত বিশেষ উপস্থাপন কৰা হ’য়। কৰিশ্মা সৰকাৰ, ড° বিনিতা দেৱী, ড° জয়শ্রী দেবী, জয়তী ভট্টাচার্য, অশ্বাস আয়ুস্মান, ৰঞ্জিত শৰ্মা, ৰঞ্জুমণি শইকীয়া, সুপর্ণ চক্রবর্তী, গৌতম সৰকাৰ, তনিছা দত্ত, পূৰবী ককতি শৰ্মা, সঞ্চিতা ৰায়, হিমঘনা ৰাজখোৱা, মায়াবিনী সাংস্কৃতিক গোট, সৰগম সংগীত বিদ্যালয়, কালিৰাম হাইস্কুলৰ ছাত্র-ছাত্রী আৰু শিক্ষক প্রমুখ।
শ্রদ্ধাঞ্জলি অনুষ্ঠানটোৱে জুবিন গাৰ্গৰ স্মৃতিৰ সৈতে জড়িত সকলো অনুৰাগীৰ বাবে এক আবেগময় আৰু স্মৰণীয় মুহূর্ত সৃষ্টি কৰিলে।
উল্লেখযোগ্য যে ব্যতিক্রম গোটে ২০২৪ চনত জুবিন গাৰ্গক শচীন দেববর্মণ ব্যতিক্রম জীৱন জোড়া সাধনা বঁটা প্ৰদান কৰিছিল। সংগঠনটোৰ বিভিন্ন অনুষ্ঠানত জুবিন গাৰ্গ সক্রিয়ভাবে জড়িত থাকি ভাৰতীয় সংগীত সংস্কৃতিক সমৃদ্ধ কৰি তুলিছিল।

Related Articles