ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ লক্ষৰে জালুকবাৰীত ৰে’ল বিভাগৰ বৃহৎ উচ্ছেদ অভিযান

শৰাইঘাট দলঙৰ দক্ষিণ দিশৰ ৬নং কলনীৰ পৰা জালুকবাৰীলৈ পূৰ্বতে সংৰক্ষিত কৰি ৰখা আৰু পৰৱৰ্তী সময়ত বেদখলৰ কৱলত পৰা ৰে’ল বিভাগৰ প্ৰায় ৫০০ বিঘা মাটি দ্বিতীয়খন ৰে’ল-পথ দলং নিৰ্মাণৰ বাবে মুকলি কৰাৰ কাম আৰম্ভ কৰিছে উত্তৰ-পূব ৰে’লৱে কতৃৰ্পক্ষই৷ ইয়াৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু মহানগৰ আৰক্ষীৰ সহযোগত ৰে’লৱে কতৃৰ্পক্ষই আজি দিনৰ ভাগত জালুকবাৰী অঞ্চলত এক বৃহৎ উচ্ছেদ অভিযান চলায়৷ আজি প্ৰথম দিনাৰ উচ্ছেদ অভিযানত ৫০ বিঘাৰো অধিক ৰে’লৱেৰ মাটি বেদখলমুক্ত কৰা হয়৷

অভিযোগ মতে একাংশ অসাধু প্ৰকৃতিৰ লোকে ৰে’লৱেৰ মাটি বেদখল কৰি সন্দেহজনক বাংলাদেশী মূলৰ লোকক ঘৰ সাজি ভাৰালৈ দিছিল৷ পূৰ্বতেও কেইবাবাৰো জালুকবাৰীত ৰে’লৱে বিভাগে উচ্ছেদ অভিযান চলাইছিল যদিও একাংশ বিশেষ সম্প্ৰদায়ৰ লোকে ৰাতিৰ ভিতৰত পুনৰ নিৰ্মাণ কৰি তোলে জুপুৰি ঘৰসমূহ৷ যাৰ ফলত শুকুৰবাৰে প্ৰায় ৫৩ বিঘা মাটিত প্ৰশাসনৰ সহযোগত জেচিবি আৰু বুলড’জাৰ চলাই বেদখলমুক্ত কৰে৷ এই সন্দৰ্ভত উপস্থিত ৰে’ল বিভাগৰ বিষয়াই সদৰী কৰা অনুসৰি পূৰ্বতে জাননী জাৰি কৰাৰ পিছতো বেদখলকাৰীসকলে ঘৰ খালী কৰা নাছিল৷ অহা এটা সপ্তাহৰ ভিতৰত বেদখলৰ কৱলত পৰা প্ৰায় ৫০০ বিঘা ৰে’লৱেৰ মাটি উচ্ছেদ অভিযান সলাই বেদখলমুক্ত কৰা হ’ব৷

Related Articles