Breaking

বৰঝাৰ বীৰেন্দ্ৰ নগৰ আশ্ৰমত বি টি আৰ ৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো

0 29

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বলিছে নিৰ্বাচনী বতাহ।তেনে সময়ত হঠাতে আজি আহি দৰং জিলাৰ বৰঝাৰ বিৰেন্দ্ৰ নগৰ আশ্ৰমত উপস্থিত হয় BTR ৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। প্ৰমোদ বড়ো জয়, UPPL জিন্দাবাদ ধ্বনিৰে উস্ম আদৰণি জনায় আশ্ৰম কতৃপক্ষই।প্রমোদ বড়ো ই পাগল বাবাৰ প্ৰতিমূৰ্ত্তি,গোশালা আদি দৰ্শন কৰি কৰ্মীসকলৰ সৈতে এক মনবিনিময় অনুষ্ঠানত ভাগ লয় আৰু কয় যে নতুনকৈ BTR ত অন্তৰ্ভুক্ত হোৱা বৰঝাৰ অঞ্চল আৰু বিৰেন্দ্ৰ নগৰ আশ্ৰমৰ উন্নতি এতিয়া তীব্ৰ গতিত হ’ব লগতে আৰু কয় যে অনাগত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ ভালকৈ চলিছে।

এইবাৰ নিৰ্বাচন একপক্ষীয় হ’ব,প্ৰধান মন্ত্ৰী ভাৰতৰ ৰাইজৰ মন জয় কৰিছে,BTR ত শান্তি সমৃদ্ধি আহিছে,পোন প্ৰথমবাৰৰ বাবে বিভিন্ন জাতি জনগোষ্ঠী বৰ্তমান চৰকাৰৰ কামত সন্তোষ্ট, আৰু একত্ৰিত হৈ ভাৰতীয় জনতা পাৰ্টী আৰু NDA পক্ষত ভোট প্ৰদান কৰিব।

BPF ৰ হাতত কোনো নিৰ্বাচনী ইছু নাই মাত্ৰ নাঙৰ ছবি ৰাইজে পাহৰি যাব বুলি হে নিৰ্বাচন খেলিছে, অনাগত দিনত নাঙলৰ ছবিলৈ নিৰ্বাচন খেলিবলৈ মানুহ বিচাৰি নাপায় বুলি মন্তব্য কৰে। আজিৰ এই বিৰেন্দ্ৰ নগৰ আশ্ৰম দৰ্শনত আৰু কৰ্মীসকল সৈতে হোৱা মতবিনিময়ত BTR ৰ চিফ প্ৰমোদ বড়োৰ সঙ্গ দিয়ে BTR ৰ কাৰ্যবাহী সদস্য নীলুৎ স্বৰ্গীয়াৰী আৰু দলীয় কৰ্মীবৃন্দ আৰু প্ৰায় তিনি শতাধিক স্থানীয় ৰাইজ গন্য মান্য ব্যক্তি।

Leave A Reply