SSP লীনা দলেই ভুৱা STৰ প্ৰমাণ-পত্ৰৰে দিল্লী বিশ্ববিদ্যালয়ত নামভর্তি কৰোৱাইছিল কন্যাক ! ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ তদন্তত পোহৰলৈ আহিল জালিয়াতি।
দিল্লী বিশ্ববিদ্যালয় আৰু অসম চৰকাৰলৈ অভিযোগ পত্ৰ প্ৰেৰণ ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগৰ ।

দিল্লী বিশ্ববিদ্যালয়ক লীনা দলে আৰু কন্যাৰ বিৰুদ্ধে গোচৰ ৰুজুৰ পৰামৰ্শ ।
দিল্লীৰ মৰিছ নগৰ থানাত FIR দাখিল কৰিছে দিল্লী বিশ্ববিদ্যালয়ে ।
লীনা দলেৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ অসম চৰকাৰক ।

উল্লেখ্য যে, খিলঞ্জীয়াৰ গাত হাত দিও শেহতীয়াকৈ বিপদত পৰিছিল আৰক্ষী অধীক্ষক লীনা দলে । ধুবুৰীৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ শাস্তিমূলক বদলিৰ সন্মুখীন হ’ব লগা হৈছিল এইগৰাকী লীনা দলে । SI জোণমনি ৰাভাৰ মৃত্যুৰ সন্দৰ্ভতো নাম সাঙোৰ খাইছিল এইগৰাকী বিতৰ্কিত আৰক্ষী বিষয়া লীনা দলেৰ ।
পৰৱৰ্তী সময়ত লীনা দলেৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে,সেয়াহে হ’ব লক্ষণীয় ।

