ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰৰ শৌৰ্য আৰু সাহসিকতাৰ বাবে ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা পৰিল

ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰৰ শৌৰ্য আৰু সাহসিকতাৰ বাবে ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা পৰিল।

ছুৰিকাঘাতত আহত হৈও ১৮০ জন যাত্ৰীৰ জীৱন ৰক্ষা কৰা স্মিট মচ্ছাৰক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ।

ভাৰতীয় কেপ্টেইন স্মিট মচ্ছাৰ এজন REAL HERO বুলি প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত স্মিট মচ্ছাৰক প্ৰশংসা কৰি কয় যে-

সংকটৰ ক’লা ডাৱৰে যেতিয়া আকাশ ঢাকি ধৰিছিল, তেতিয়াও কৰ্তব্যৰ পথৰ পৰা আঁতৰি নগ’ল এজন ভাৰতীয়– কেপ্টেইন স্মিত মাচ্ছাৰ।

Flydubai FZ1073-এ ডুবাইৰ পৰা ইজৰাইল অভিমুখে উৰা মৰাৰ পাছত মাজ আকাশতে সৃষ্টি হ’ল এক ভয়ংকৰ পৰিস্থিতি৷ সহ-পাইলটৰ আক্ৰমণত গুৰুতৰভাৱে আহত হ’ল কেপ্টেইন মাচ্ছাৰ। বিমানখনো হঠাতে গতি হেৰুৱাবলৈ ধৰিলে। কিন্তু ৰক্তাক্ত শৰীৰেও কেপ্টেইনে হাৰ নামানিলে। শেষ শক্তিকণিকাৰে ককপিটৰ দুৱাৰ খুলি দিলে তেওঁ। সেই সুযোগতে যাত্ৰী আৰু বিমানকৰ্মীয়ে ককপিটত প্ৰৱেশ কৰি আক্ৰমণকাৰীক বশ কৰে আৰু বিমানখনক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশেষত বিমানখন চৌদি আৰৱৰ টাবুকত নিৰাপদে অৱতৰণ কৰে। বিমানখনত থকা ১৭০গৰাকীতকৈও অধিক যাত্ৰী সুৰক্ষিত থাকে।

এয়া এজন ভাৰতীয়ৰ কাহিনী। আৰু সংকটৰ সন্মুখত অদম্য সাহসৰ এক উজ্জ্বল প্ৰতীক তেওঁ।

কেপ্টেইন স্মিত মাচ্ছাৰ আজিৰ ভাৰতৰ ‘প্ৰকৃত নায়ক‘। আজি সমগ্ৰ ভাৰতবাসী তেওঁক লৈ গৌৰৱান্বিত। সনাতনী সভ্যতা আৰু সংস্কৃতিৰ বিৰুদ্ধে ঘৃণা, হিংসা আৰু সন্ত্ৰাসৰ যিকোনো অপচেষ্টাৰ বিৰুদ্ধে মানৱতা, সাহস আৰু ঐক্যই সদায় আমাৰ শক্তি হৈ থাকিব।

কেপ্টেইন স্মিত মাচ্ছাৰ বৰ্তমান চিকিৎসাধীন আৰু সুস্থিৰ অৱস্থাত আছে। তেখেতৰ আশু আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰিলোঁ। এই কঠিন সময়ত সমগ্ৰ দেশ তেখেত আৰু তেখেতৰ পৰিয়ালৰ কাষত আছে।

Related Articles