ভাৰতীয় ষ্টেট বেংক সৰভোগ শাখাৰ উদ্দোগত সৰভোগৰ মিনি ষ্টেডিয়ামত বিত্তীয় অন্তৰ্ভুক্তিৰ দ্বাৰা সবলীকৰণ গাওঁ পঞ্চায়ত পৰ্যায়ত অভিযান সভা অনুষ্ঠিত

সৰভোগৰ মিনি ষ্টেডিয়ামত ভাৰতীয় ষ্টেট বেংক সৰভোগ শাখাৰ পুঠিমাৰী গাওঁ পঞ্চায়তৰ অধীনস্থ এখন সভা অনুষ্ঠিতত উপস্থিত থাকে সৰভোগৰ ভাৰতীয় ষ্টেট বেংকৰ মেনেজাৰ বেংকৰ কৰ্মচাৰী বিভিন্ন বিভাগৰ বিষয়ভবীয়াৰ লগতে পঞ্চায়তৰ পুৰুষ মহিলা সকলে৷ ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ বিত্ত বিভাগে বিত্তীয় অন্তৰ্ভুক্তিৰ সবলীকৰণ গাওঁ পঞ্চায়ত পৰ্য্যায়ত অভিযান শীৰ্ষক বিশেষ কৰ্য্যসূচী হাতত লোৱা পৰিলক্ষিত হৈছে।প্ৰতিটো আত্মসহায়ক গোটক ছয় লাখকৈ চেক প্ৰদান কৰাৰ লগতে ৮০ জন হিতাধীকাৰীক KCC লোনৰ শ্বেনশন লেটাৰ ক্ষুদ্ৰ মুদ্ৰা লোনৰ শ্বেনশ্বন লেটাৰ আগবঢ়াই৷

বৰপেটা জিলাৰ ১৫ অক্টোবৰ পৰা ২৬ নৱেম্বৰ তাৰিখলৈ বৃত্তীয় অন্তৰ্ভুক্তি দ্বাৰা সবলীকৰণৰ এক বিশেষ কাৰ্য্যসূচী গ্ৰহণ কৰিছে । যিসকলে জন- ধন আচনিৰ অধীনত এতিয়ালৈকে একাউণ্ট খোলা নাই আৰু তাৰ লগতে PMJJY , PMSBY অটল পেঞ্চন যোজনাত অন্তৰ্ভুক্তি হোৱা নাই আৰ্ধাৰ ৰ্কাডৰ লিংক কৰা নাই সেই সকল ৰাইজে অতি শীঘ্ৰে আধাৰ কাৰ্ডৰ লিংক ইনসুৰেঞ্চৰ সুবিধা আৰু অন্য সুবিধা লাভ কৰিবলৈ সক্ষম হওক।জন- ধন একাউণ্ট শূন্য টকাতে খুলিব পাৰিব । জন- ধন একাউন্টৰ গ্ৰাহক সকলক ভাৰতীয় ষ্টেট বেংকৰ পৰা লোনৰ যোগানৰ লগতে বিভিন্ন সুবিধাৰ লাভ কৰিব।শেষত ৰাষ্ট্ৰীয় সংগীতেৰে সভা সম্পন্ন কৰে।

সৰভোগৰ পৰা ৰমিজ তালুকদাৰৰ প্ৰতিবেদন

Related Articles