ভাৰততো নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি হব পাৰে বুলি একাংশ লোকে কৰি থকা আশংকাৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এইবুলি ঘোষণা কৰিছে- ‘ভাৰত নেপাল নহয়, ইয়াত জেন জেডৰ প্ৰতিবাদ হ’ব নোৱাৰে’।শ্বাহে কয় যে, ভাৰতৰ গণতন্ত্ৰ ইমানেই গভীৰভাৱে শিপাইছে যে নেপালৰ দৰে বিদ্ৰোহ অসম্ভৱ। ছেপ্টেম্বৰ মাহত নেপালত প্ৰতিবাদত ৭৩ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।
বিহাৰৰ নিৰ্বাচনী পৰিৱেশৰ মাজতে অমিত শ্বাহে নেপালত জেন জেড প্ৰতিবাদ সন্দৰ্ভত নিজৰ মতামত ব্যক্ত কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা ব্যক্তিগত চেনেলৰ আগত কয় যে, নেপালত যি ধৰণৰ ব্যৱস্থাৰ বিৰুদ্ধে যুৱক-যুৱতীয়ে বিদ্ৰোহ কৰিছে, ভাৰতত সম্ভৱ নহয়।

শ্বাহে যুক্তি দিছিল যে, ইয়াৰ কাৰণ হ’ল ভাৰতৰ গণতন্ত্ৰ গভীৰভাৱে শিপাই আছে আৰু ই যথেষ্ঠ শক্তিশালী।গৃহমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত নেপাল নহয়! আমাৰ গণতান্ত্ৰিক শিপা অতি শক্তিশালী। ইয়াত জেন জেডৰ প্ৰতিবাদ সম্ভৱ বুলি মই নাভাবো। আমাৰ দেশৰ যুৱক-যুৱতীসকলে কঠোৰ পৰিশ্ৰম কৰি দেশৰ উন্নয়নত অৰিহণা যোগায়।”শ্বাহে লগতে কয় যে, একমাত্ৰ নিশ্চয়তা হ’ল যে যদি মানুহে মহাজোঁট বাছি লোৱাৰ ভুল কৰে, তেন্তে জংগল ৰাজ বিহাৰলৈ ঘূৰি আহিব। বিহাৰৰ নিৰ্বাচনত এন ডি এৰ জয় নিশ্চিত কৰিবলৈ ৰাইজক আহ্বান শ্বাহৰ। নেপালৰ উপৰিও অমিত শ্বাহে বিহাৰ নিৰ্বাচনৰ সৈতে জড়িত আন কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰে।

