ভোটাৰ তালিকা সংশোধনীত বিসংগতিৰ অভিযোগঃ ধুবুৰীত আমছুৰ দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট

সদৌ অসম সংখ্যালঘু ছাত্র ইউনিয়ন (আমছু)ৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত আজি ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দুই ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়াত চলি থকা বিসংগতি আৰু ইয়াৰ আঁৰত চৰকাৰী ষড়যন্ত্ৰ থকাৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

আমছুৰ সহযোগত শতাধিক কৰ্মীয়ে হাতে হাতে প্ৰতিবাদী পোষ্টাৰ লৈ প্ৰতিবাদস্থলীত উপস্থিত হৈ চৰকাৰ আৰু নিৰ্বাচনী কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে বিশেষ সংশোধনী প্ৰক্ৰিয়াৰ নামত বহু প্ৰকৃত ভোটাৰৰ নাম অযুক্তিকভাৱে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে।

এই উপলক্ষে ধুবুৰী জিলা আমছুৰ সভাপতি আলফাৰুক আছিকুৰ ৰহমানে সংবাদ মাধ্যমৰ আগত কয় যে সংশ্লিষ্ট বিধানসভা সমষ্টিৰ নিৰ্বাচনী ভোটাৰ পঞ্জীয়ন বিষয়াই (ERO) অ-বৈধ আপত্তিৰ ভিত্তিত অতি কম সময় দি নোটিচ জাৰি কৰিছে আৰু সেই নোটিচত আপত্তিৰ সুনিৰ্দিষ্ট কাৰণো উল্লেখ কৰা হোৱা নাই। তদুপৰি নিৰ্বাচনী ভোটাৰ পঞ্জীয়ন বিষয়াসকলৰ নিৰ্দেশত বুথ লেভেল বিষয়া (BLO)-সকলে নিজে নিজে বহু প্ৰকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰি দিছে বুলি তেওঁ অভিযোগ কৰে।

ৰহমানে লগতে কয় যে এই সমগ্ৰ প্ৰক্ৰিয়াটো এক সুপৰিকল্পিত ষড়যন্ত্ৰ আৰু বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকসকলক লক্ষ্য কৰি হাৰাশাস্তি কৰা হৈছে। এনে কাৰ্য বন্ধ কৰাৰ দাবী উত্থাপন কৰে আমছুয়ে।

Related Articles