Breaking

ভোটা অধিকাৰ সাব্যস্ত সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ

0 24

বৰভেটা নাওশলীয়া গাৱৰ এল পি স্কুলত ভোটাধিকাৰ সাব্যস্ত যোৰহাট বিধান সভা সমষ্টিৰ বিধায়ক তথা বিধান সভা প্ৰাক্তন অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ।প্ৰথম অৱস্থাত বতৰ বেয়া হোৱাৰ বাবে ভোটদান হাৰ কম হ’ব বুলি ভয় খাইছিল যদিও সেই ভয় নাইকিয়া হল কাৰণ বতৰ ফৰকাল হৈ পৰিল ।

সকলোকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান বিধায়ক গোস্বামীৰ লগতে তেওঁ কয় সকলো আহি ভোট দি ভোট দানৰ হাৰ ৮০ পৰা ৮২শতাংশ লৈ নিবলৈ আহ্বান জনাইছিল ,তেতিয়াহে গণতন্ত্ৰ অধিক শক্তিশালী হ’ব।আনহাতে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে যোৰহাটৰ নাজিৰ আলিত থকা পিতৃ বাসভৱনত উপস্থিত হৈ প্ৰয়াত তৰুণ গগৈৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ন কৰি ১০নং বাৰ্ডত থকা যোৰহাট দেৱীচৰণ বৰুৱা বালিকা বিদ্যালয়ৰ ভোট গ্ৰহণ কেন্দ্ৰত গৌৰৱ গগৈয়ে সাধাৰণ ভোটদাতা ৰাইজৰ দৰে শাৰী পাতি নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে।

গৌৰৱ গগৈৰ লগত খুড়াক দীপ গগৈ আৰু খুড়ীকে ভোটাধিকাৰ সাব্যস্ত কৰে।আনহাতে ভোটাধিকাৰ সাব্যস্ত কৰি গৌৰৱ গগৈয়ে কয় ৰ্যে এইয়া লোকতন্ত্ৰ ৰক্ষাৰ যুজঁ, আৰু তেওঁ বিপক্ষ প্ৰাৰ্থী তপন কুমাৰ গগৈ ব্যক্তিগত আক্ৰমণ নকৰি নৱবৰ্ষ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে।আজি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত গৌৰৱ গগৈক বহুত আৱেগিক দেখা পোৱা গৈছিল।

উল্লেখ্য ৰ্যে ১৪নং যোৰহাট লোকসভা সমষ্টি ১০টা বিধানসভা সমষ্টিৰে গঠিত আৰু ১৭,১৮,২৭২ গৰাকী ভোটাৰে পাচগৰাকী প্ৰাৰ্থীক ভাগ্য নিৰ্ণয় কৰিব।লোকসভা সমষ্টিৰ এইবাৰ পুৰুষ ভোটাৰ বিপৰীতে মহিলা ভোটাৰ সংখ্যা সাৱাধিক।এইবাৰ ১৮ বছৰ পৰা ১৯বছৰ ভোটাৰ সংখ্যা হল২৯৪৬৩ জন।

Leave A Reply