মঙলদৈত উচ্ছেদিত পৰিয়ালক পুনঃস্থাপনৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট

মঙলদৈত উচ্ছেদিত পৰিয়ালক পুনঃস্থাপনৰ দাবীত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট৷

মঙলদৈত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট৷

মঙলদৈৰ খাৰুপেটীয়া বাছ আস্থানত বুধবাৰে কেইবাটাও দাবীৰ সমৰ্থনত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ অৱস্থান ধৰ্মঘট পালন কৰে৷ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতি ইমতিয়াজ হুছেইনৰ উপস্থিতিত দৰং জিলাৰ সভাপতি জিয়াউল হক আৰু মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ সহযোগত ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে৷

প্ৰতিবাদী কাৰ্যসূচীত কেইবাটাও দাবী সম্বলিত প্লে-কাৰ্ডত বিজেপি চৰকাৰ হায় হায়, অমানবীয় উচ্ছেদ বন্ধ কৰক, অসম চৰকাৰ জনতাৰ কন্ঠ শুনক, অন্যায় উচ্ছেদ মানি নলওঁ, জীৱন গঢ়াৰ অধিকাৰ দিয়ক, বাচি বাচি উচ্ছেদ কৰা বন্ধ কৰক, ভূমিহীনক ভূমি পট্টা প্ৰদান কৰক আদি দাবীৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদী আমছুৱে৷প্ৰতিবাদ স্থলীত শতাধিক আমছুৰ কৰ্মীয়ে অংশগ্ৰহণ কৰে।

Related Articles