Breaking

মঙলদৈৰ ঘাট-মাউৰা এটি কণমানিৰ সৈতে এগৰাকী আইতাই চলাই গৈছিল জীৱন সংগ্ৰাম

0 35

মঙলদৈৰ ঘাট-মাউৰা এটি কণমানিৰ সৈতে এগৰাকী আইতাই চলাই গৈছিল জীৱন সংগ্ৰাম,
ৰ’দে-বৰষুণে জৰাজীৰ্ণ এটি পঁজাই আশ্ৰয়স্থল আছিল নাতি আৰু আইতাৰ।
শাসনাধিষ্ট বিজেপি চৰকাৰৰ কোনো ধৰনৰ অভিলাষী আঁচনিয়ে ঢুকি পোৱা নাছিল যোগেশ্বৰী ডেকাক।

পিতৃ-মাতৃহীন শিশুটিক বুকুত সাৱতি ভোক আৰু দুঃচিন্তাৰে আন্ধাৰ ৰাতিবোৰ পাৰ কৰা আইতাগৰাকীৰ ভঙা পঁজাত নাছিল কোনো পোহৰৰ সু-ব্যৱস্থা। দিনৰ পোহৰত নাতিক পঢ়িবলৈ দি ভীক্ষা মাগিবলৈ গৈছিল আইতাই। একমাত্ৰ কণমানি নাতিৰ সৈতে মঙলদৈ নাহৰবাৰীৰ যোগেশ্বৰী ডেকাৰ কঠোৰ জীৱন সংগ্ৰামৰ কাহিনী প্ৰচাৰ হোৱাৰ পিছতেই ওলাই আহিল গাঁওবাসী , সহায়ৰ হাত আগবঢ়ালৈ ওলাই আহিল স্বেচ্ছাসেৱী সংগঠন ইউনিটি উই দা ব্লাড ডোনাৰ।


আজি অশ্ৰু শিক্ত নয়নেৰে মঙলদৈ নিৰিবিলি বৃদ্ব আৱাসৰ আবাসী হ’ল আৰু কেইদিনমান আইতাকৰ লগতে থাকিব কনমানী পাঁচ বছৰীয়া শিশুটো।সম্পূৰ্ন নিয়ম তান্ত্ৰিক অনুসৰিয়েই শিশুটোৰ পঢ়া শুনা ব্যৱস্থা গ্ৰহণ কৰিব স্বেচ্ছাসেৱী সংগঠন টোৱে। গাওঁ বাসীয়েও বেজাৰ মনে বিদায় দিলে যোগেশ্বৰ ডেকা আৰু শিশুটোক।

Leave A Reply