বয়সে বলাব নোৱাৰা দুগৰাকী মহিলা ৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ তিতাবৰক উপহাৰ দিছে বহুকেইটা পদক। ক্ৰীড়া জগতত লাভ কৰিছে এটাৰ পাচত আনটো সফলতা ৷ কোন এই দুগৰাকী খেলুৱৈ ? খেলুৱৈ দুগৰাকীৰ সন্দৰ্ভত এক বিশেষ ৰিপ’ৰ্ট ৷
ক্ৰীড়াৰ প্ৰতি মহিলা দুগৰাকীৰ অগাধ হাবিয়াস। শৈশৱৰ পৰাই ক্ৰীড়াৰ সাধনা অব্যাহত ৰাখিছে দুয়োগৰাকী মহিলাই। তেওঁলোক হ’ল তিতাবৰৰ বিবিজানৰ প্ৰয়াত গণেশ শইকীয়া আৰু ধৰ্মপ্ৰাণা কৌশল্যা শইকীয়াৰ জীয়ৰী তথা উচ্চ শিক্ষিত এজন পুত্ৰ আৰু এগৰাকী বিবাহিতা কন্যাৰ মাতৃ, ৫৪ বছৰীয়া খেলুৱৈ মামণি শইকীয়া। আনহাতে অন্য এগৰাকী হ’ল তিতাবৰৰ বিবিজানৰ মিলন নগৰৰ নিবাসী চন্দ্ৰ দত্তৰ পত্নী, এগৰাকী ৭৪ বছৰীয়া আইতা ধনদা দত্ত।
সদ্যসমাপ্ত মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত প্ৰথম ইউনাইটেড ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰা তিতাবৰ সমজিলাৰ মহিলা খেলুৱৈ তথা গাঁওপ্ৰধান হিচাপে নিয়োজিত মামণি শইকীয়াই শ্বটপুত, দিচকাচ্ থ্ৰ’ আৰু জেভেলিন থ্ৰ’ত প্ৰতিদ্বন্দিতা কৰি ক্ৰমে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। কৈশোৰৰ পৰাই ক্ৰীড়া ক্ষেত্ৰত স্বপ্ৰতিভাৰে উজ্জ্বলি অহা এইগৰাকী মহিলা খেলুৱৈৰ উপৰিও পুত্ৰ-বোৱাৰী, নাতি-নাতিনীৰে সুখী জীৱন নিৰ্বাহ কৰা প্ৰবীণ খেলুৱৈ ধনদা দত্তইও মহাৰাষ্ট্ৰৰ নাচিকত অনুষ্ঠিত প্ৰথম ইউনাইটেড ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ গেমছত অসম দলৰ হৈ অংশগ্ৰহণ কৰি চাৰিশ মিটাৰ দৌৰ আৰু পাঁচ হেজাৰ মিটাৰ দৈৰ্ঘ্যৰ খোজকঢ়া প্ৰতিযোগিতাত প্ৰথম স্থানেৰে দুটা সোণৰ পদকৰ লগতে এশ মিটাৰ দৌৰত দ্বিতীয় হৈ ৰূপৰ পদক অৰ্জন কৰে।
তিতাবৰৰ এই দুয়োগৰাকী খেলুৱৈ মামণি শইকীয়া আৰু ধনদা দত্তই ৰাষ্ট্ৰীয় মাষ্টাৰ্চ গেমছত অসম দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শনেৰে সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক অৰ্জনেৰে তিতাবৰৰ স্বাভিমান উজ্জ্বলাই তোলা বাবে দুয়োগৰাকী খেলুৱৈলৈ তিতাবৰবাসীয়ে শুভেচ্ছা জনাইছে।

