আধুনিক অসমীয়া কবিতাৰ বাটকটীয়া অমূল্য বৰুৱাৰ মৃত্যু তিথিৰ উপলক্ষে মাজুলী জিলা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যসূচী যুদ্ধ, সন্ত্ৰাস আৰু সাম্প্ৰদায়িকতা বিৰোধী দিৱসটি আজি গড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়। গড়মূৰ মিলনপুৰ গাঁৱৰ শিল্পী সকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটি শুভ উদ্বোধন কৰে মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মাজুলী জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি ড°দেৱজিৎ শইকীয়াই। মাজুলী জিলা কবি সন্মিলনৰ সভাপতি ৰামসাগৰ নাথে সভাপতিত্ব কৰা সভাত সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাওগামে আদৰণি ভাষণ প্ৰদান কৰে। মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অমূল্য বৰুৱাৰ জীৱন, সাহিত্য কৃতী আৰু সমসাময়িক সাহিত্যৰ ওপৰত এক বিস্তৃত ভাষণ প্ৰদান কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সভাপতি, সাহিত্য সমালোচক তথা জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° মানিক শইকীয়াই। সদৌ অসম কবি সন্মিলনৰ উপ সভাপতি ৰাজুমণি বেজবৰুৱা, মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মিনতি শইকীয়া, প্ৰাক্তন উপাধ্যক্ষ দীপ ভূঞা আৰু লেখিকা ইন্দুলেখা হাজৰিকা, শিল্পী প্ৰেম নাৰায়ণ পায়েং, দিগন্ত শইকীয়া আদিয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজন কৰা কবি সন্মিলনখনিত ইন্দুলেখা হাজৰিকা, সুৰ শইকীয়া হাজৰিকা, ৰজনীকান্ত বৰদলৈ, লক্ষী নাৰায়ণ শৰ্মা, সৰযু দত্ত বৰুৱা, ৰেখা মূদৈ, ত্ৰিপুৰাজ দলে, মনোজ গাম, কুকি কল্পিতা বৰা, ৰিয়াৰাণী দত্ত, শ্যামন্ত পায়েং, অচুৎ কুমাৰ বৰা, জোস্না ভূঞা, দাদুমনি বৰা, পাপু বৰা, উপেন চিন্তে আদিয়ে কবিতা পাঠ কৰে। ইফালে অনুষ্ঠানটিৰ লগত সংগতি ৰাখি বৰষা ৰাণী দত্ত, ৰাজা বৰুৱা, প্ৰৱিত্ৰ হাজৰিকা, ৰাখী হাজৰিকা, দীপ ভূঞা, ত্ৰিপুৰাজ দলে আদিয়ে গীত পৰিৱেশন কৰে। শতাধিক সাহিত্য-সংস্কৃতি প্ৰেমী শ্ৰোতা, দৰ্শক উপস্থিত থকা অনুস্থানটিৰ শেষত শলাগৰ শৰাই আগবঢ়াই মাজুলী জিলা কবি সন্মিলনৰ সম্পাদক পাপু বৰাই।
