মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিশ্বজিৎ কলিতা, জালুকবাৰীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু । Jalukbari Accident

Jalukbari Accident: মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বিশ্বজিৎ কলিতা, জালুকবাৰীৰ পথ দুৰ্ঘটনাত কৰুণ মৃত্যু

মহানগৰীৰ জালুকবাৰীত সোমবাৰে নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ছিপাঝাৰৰ বুঢ়াৰ যুৱক বিশ্বজিৎ কলিতাই। এখন ছুইফট ডিজায়াৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ পৰৱৰ্তী সময়ত মৃত্যু ঘটে তেওঁৰ।

জানিব পৰা মতে, বিশ্বজিৎ কলিতাই পত্নীৰ সৈতে স্কুটীৰে খানাপাৰালৈ গৈ আছিল। সেই সময়তে জালুকবাৰীত তেওঁলোকৰ স্কুটীখনক এখন ছুইফট ডিজায়াৰে খুন্দা মাৰে। দুৰ্ঘটনাটোত বিশ্বজিৎ কলিতা গুৰুতৰভাৱে আহত হয়। পিছত তেওঁৰ মৃত্যু ঘটে।

ইফালে, দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে বিশ্বজিৎ কলিতাৰ পত্নীৰ। ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।

জানিব পৰা মতে, বিশ্বজিৎ কলিতা বিজুলী ভৱনৰ এগৰাকী অস্থায়ী কৰ্মচাৰী আছিল। মাত্ৰ ৭ মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল তেওঁ। দাম্পত্য জীৱন আৰম্ভ কৰাৰ কিছুদিন পিছতে সংঘটিত এই কৰুণ ঘটনাই পৰিয়ালটোৰ লগতে আত্মীয়-স্বজনৰ মাজত গভীৰ শোকৰ সৃষ্টি কৰিছে।

দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু অন্যান্য সবিশেষ আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব।

Related Articles