আজি চানমাৰিৰ সদৌ অসম সাংবাদিক কল্যান ন্যসৰ সভাগৃহত এচ আৰ ডি ৰ জৰিয়তে ২০২৫ ইংৰাজী চনত নিয়মীয়া হোৱা গ্ৰেজুৱেট শিক্ষকৰ এখন সাধাৰণ সভা অনুস্থিত হয়৷ মহীধৰ কলিতাৰ সভাপতিত্বত অনুস্থিত আজিৰ সভাত অসমৰ বিভিন্ন জিলাৰ পৰা শতাধিক শিক্ষকে অংশগ্ৰহণ কৰে৷ শিক্ষক বিপুল দত্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত মাধ্যমিক বিদ্যালয়ত কৰ্মৰত শিক্ষক সকলক চৰকাৰে পদে পদে কৰি অহা বঞ্চনা আৰু অধিকাৰ কাঢ়ি লোৱাৰ বাবে শিক্ষকসকলে ক্ষোভ ব্যক্ত কৰে৷
২০১০ চনৰ পৰা একেখন বিদ্যালয়ত কাম কৰি ২০২৫ চনত প্ৰায় ১০ হাজাৰ টকা মুঠ দৰমহাৰ পৰা লোকচান ভৰি হলেও নিয়মীয়া হোৱা শিক্ষক সকলক চৰকাৰে পদে পদে অপমানিত বঞ্চিত কৰি আহিছে৷ শেহতীয়াকে বিদ্যালয় বিলাকত গ্ৰেডেচন তালিকাতো ১৬ বছৰ সেৱা আগবঢ়োৱা এইসকল শিক্ষকৰ নাম নাহিল৷ ২০২৫ চনত নিয়মীয়া নিযুক্তি দিয়াৰ দিনা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছিল এই সকল শিক্ষকৰ জ্যেষ্ঠতা কোনো কাৰণতে কৰ্তন নহয়৷ এই শিক্ষকসকলে প্ৰধান শিক্ষক হব পাৰিব৷ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱেও প্ৰায়ে এচ আৰ ডিৰ জৰিয়তে নিযুক্তি লাভ কৰা গ্ৰেজুৱেট শিক্ষক সকলৰ চাৰ্ভিচ পিৰিয়ড ২০১০ চনৰ পৰা কৰিৰ লগতে চিনিঅৰিটিও প্ৰদান কৰিব বুলি কৈ আহিছে৷ কাগজে কলমে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ এই ঘোষণাক নস্যাৎ কৰি আহিছে বিভাগীয় কতৃপক্ষই৷
নতুনকৈ নিযুক্তি পোৱা শিক্ষক সকলে যেতিয়া জ্যেষ্ঠতাৰ তালিকাত স্থান পায় তেতিয়াই স্বাভাবিকভাবে স্বভিমানত আঘাত পায় ২০১০ চনতে মেধাভিত্তিক নিযুক্তি লাভ কৰা শিক্ষক সকলে৷ আজিৰ সভাত সকলো শিক্ষকেই এটা মতত সিদ্ধান্ত গ্ৰহণ কৰে যে চৰকাৰে যদিহে এই শিক্ষক সকলে ন্যায্য প্ৰাপ্তিৰ বাবে জনাই অহা আবেদন কাৰ্যকৰী নকৰে তেন্তে পুনৰবাৰ ৰাজপথলৈ ওলিই আহিব ৪ হাজাৰ শিক্ষক৷ ন্যায়লয়ৰ জবাবদিহি হব লাগিব সংশ্লিষ্ট পক্ষ৷। এক প্ৰেছ বিবৃতিত আজিৰ সভাৰ আহ্বায়ক মহীধৰ কলিতা বিপুল দত্ত মোহন কুটুম আৰু সংগীতা শৰ্মাই মুখ্যমন্ত্ৰীলৈ আহবান জনাই যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কোৱা কথাক কাৰ্যকৰী কৰিবলৈ বিভাগীয় কতৃপক্ষক বাধ্য কৰাওক৷ অন্যথা গনআন্দোলন অবধাৰিত৷

