“মানুহে মানুহৰ বাবে” শীৰ্ষক গীতেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ড…

ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুদৰ্শ মৃত্যুবাৰ্ষিকীৰ আজিৰ দিনটোত পাঁচ সহস্ৰাধিক লোকে সমস্বৰে পৰিবেশন কৰা “মানুহে মানুহৰ বাবে “শীৰ্ষক গীতেৰে মুখৰিত হৈ পৰিল তেজপুৰৰ ঐতিহাসিক চাৰ্চ ফিল্ড ।উল্লেখ্য যে অসম আৰু অসমীয়াৰ স্বাভিমান ,প্ৰাণৰ আপোন শিল্পী গৰাকীৰ মৃত্যুবাৰ্ষিকী উপলক্ষে শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি পুৱাৰ অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানৰ অন্তিম মূহূৰ্তত চাৰ্চ ফিল্ডত সমবেত হোৱা বিভিন্ন শিক্ষক -শিক্ষয়িত্ৰী ,বিভিন্ন বিভাগৰ বিষয়া -কৰ্মচাৰীৰ লগতে জিলাখনৰ বিশিষ্ট ব্যক্তি সকলে এনেদৰে সমস্বৰে পৰিবেশন কৰিলে সুধাকণ্ঠ গৰাকীৰ মানৱতাবাদৰ বিশ্ব বন্দিত গীত -“মানুহে মানুহৰ বাবে “।
পুৱা অনুষ্ঠানটিৰ মুখ্য অতিথি শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ দ্বাৰা সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটিৰ আৰম্ভণিতে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে আদৰণী ভাষণ প্ৰদান কৰি মহান শিল্পী গৰাকীক স্মৰণ কৰিবলৈ চাৰ্ট ফিল্ডত উপস্থিতি হোৱা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ।ইয়াৰ পিছতেই তেজপুৰৰ লগতে জিলাখনৰ ১০০ গৰাকী নিৰ্বাচিত শিল্পীয়ে সুধাকণ্ঠ গৰাকীৰ কেবাটাও কালজয়ী গীত সমবেত ভাৱে পৰিৱেশন কৰি সুধাকণ্ঠৰ লক্ষ্যস্থান তেজপুৰত এক অনন্য পৰিৱেশৰ সূচনা কৰে ।উল্লেখ্য যে শোণিতপুৰ প্ৰেছ ক্লাব ,তেজপুৰৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই আঁত ধৰা আৰু তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা ,জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হই বিশেষ আসন শুৱনি কৰা অনুষ্ঠানটিত জিলাখনৰ ১০ গৰাকী বিশিষ্ট শিল্পীক শোণিতপুৰ জিলা প্ৰশাসনে একোখনকৈ চেলেং আৰু সম্বৰ্ধনা পত্ৰেৰে বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।সম্বৰ্ধিত হোৱা সকল আছিল তেজপুৰৰ প্ৰবীণ গীতিকাৰ তথা বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা ,প্ৰবীণ কন্ঠশিল্পী কীৰ্তি বনীয়া ,সচ্চিদানন্দ বৰা আৰু সুধাকণ্ঠৰ গীত হিন্দী আৰু নেপালী ভাষালৈ অনুবাদ কৰা সাহিত্য অকাডেমি বঁটা প্ৰাপক জ্ঞান বাহাদুৰ ছেত্ৰীৰ লগতে বৰছলা সমষ্টিৰ কাৱৈমাৰীৰ জনপ্ৰিয় জনতাৰ শিল্পী দিনাৰাম বড়ো ,গিৰিশ নাথ আৰু নোৱাজ তপ্নৰ লগতে ৰঙাপৰা সমষ্টিৰ বিশিষ্ট শিল্পী গকুল সাহা ,বিপুল মেছ আৰু নমিতা ব্ৰহ্ম ।মুখ্য অতিথিৰ আসনৰ পৰা সাংসদ ৰঞ্জিত দত্তইও সুধাকণ্ঠ গৰাকীৰ তেজপুৰৰ পৰা আৰম্ভ হোৱা সাংগীতিক যাত্ৰা আৰু জীৱন -দৰ্শন আলোকপাত কৰে ।
আনহাতে ইয়াৰ আগতেই ঘৰপৰা চুবুৰিৰ প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালাৰ অধ্যক্ষা দীপা দাসৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি আৰু সুধাকণ্ঠৰ গীতৰ আধাৰত দৃষ্টিনন্দন সমবেত নৃত্যৰ অনুষ্ঠান প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অধ্যক্ষা তথা জনপ্ৰিয় নৃত্যশিল্পী দীপা দাসৰ লগতে “অকণিৰ সাহিত্য সভা”ৰ সভাপতি পংকজ বৰুৱাই ।
সেইদৰে তেজপুৰ সাহিত্য সভা ভৱনত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিচ্ছবিৰ সন্মুখত শুভাৰম্ভ কৰে সভাপতি ধ্ৰুৱজ্যোতি দাসে ।সম্পাদক ড০ পল্লৱ ভট্টাচাৰ্য্যই আঁত ধৰা অনুষ্ঠানটিত প্ৰাক্তন সভাপতি ড০ ভূপেন শইকীয়া ,ৰমেশ চন্দ্ৰ কলিতা ,অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া ,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক পংকজ বৰুৱা ,দেৱব্ৰত শৰ্মা ,সংগীতশিল্পী সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা ,তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি নবীন চন্দ্ৰ লহকৰ ,বাণ থিয়েটাৰৰ সংগীতাধিকাৰ জিন্টু বৰঠাকুৰ ,বিশিষ্ট লেখিকা নিৰু নেওগ বৰা আদিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
সেইদৰে ত্ৰিমূৰ্তি উদ্যানত ত্ৰিমূৰ্তি উদ্যান সমিতিৰ সভাপতি প্ৰাক্তন শিক্ষামন্ত্ৰী বৃন্দাবন গোস্বামীয়ে বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰাৰ লগতে তেজপুৰৰ প্ৰবীণ অভিনেত্ৰী বকুল দাসক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Related Articles