মিচিং ভাষা শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলনৰ দিশে আগবাঢ়িছে শিক্ষা বিভাগ ।Education

১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ Education । অসমৰ বিদ্যালয় শিক্ষা বিভাগে ২০২৫-২৬ শিক্ষাবৰ্ষৰ পৰা মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰচলনৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। আৰম্ভণিতে ২০০খন নিম্ন প্ৰাথমিক বিদ্যালয়ত (প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ) মিচিং ভাষাক শিক্ষা মাধ্যম হিচাপে অন্তৰ্ভুক্ত কৰা হ’ব।

এই বিদ্যালয়সমূহত অসমীয়া আৰু ইংৰাজীৰ সৈতে মিচিং ভাষাও শিক্ষাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হ’ব।

উচ্চ প্ৰাথমিক আৰু হাইস্কুল পৰ্যায়তো মিচিং ভাষা অধ্যয়নৰ সুযোগ উপলব্ধ হ’ব, য’ত মিচিং ছাত্ৰ-ছাত্ৰীসকলে এই ভাষাটো ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব।


শিক্ষা বিভাগৰ এই পদক্ষেপৰ লগত একে সূত্ৰে অন্যান্য জনজাতি ভাষাৰ শিক্ষাৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণ কৰা হৈছে।
ৰাভা, তিৱা, দেউৰী, কাৰ্বি, ডিমাছা আৰু সান্তাল ভাষাৰ বাবেও একেধৰণৰ অধিসূচনাৰ প্ৰক্ৰিয়া হাতত লোৱা হৈছে।
এই সিদ্ধান্তে ৰাজ্যৰ আদিবাসী জনগোষ্ঠীৰ ভাষা-সংস্কৃতি সংৰক্ষণ তথা শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিগন্ত উন্মোচন কৰিব বুলি আশা কৰা হৈছে।

Related Articles