“গ্ৰন্থমেলা এখন কেৱল কিতাপৰ বজাৰ নহয়; গ্ৰন্থমেলাত আমাৰ বিভিন্ন চিন্তা-চেতনাৰ লগতে সাংস্কৃতিক দৰ্শনৰো উন্মেষ ঘটে।ইন্টাৰনেটৰ জড়িয়তে বিভিন্ন উৎসৰ পৰা আমি তথ্য পাব পাৰোঁ;কিন্তু এখন কিতাপ পঢ়িলে জ্ঞান আহৰণ কৰিব পাৰোঁ।”-এই মন্তব্য নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° গীতাঞ্জলী বৰুৱাৰ।ঢকুৱাখনা ৰাজহুৱা খেলপথাৰত যোৱা ১০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা সপ্তম ঢকুৱাখনা গ্ৰন্থমেলাৰ আজি অন্তিম দিনাৰ মুকলি সভাত-
আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকি নৰ্থ বেংক কলেজৰ অধ্যক্ষ গৰাকীয়ে শিক্ষাৰ্থীসকলক উদ্দেশ্যি বহুখিনি দিহা-পৰামৰ্শ আগবঢ়াই।গ্ৰন্থমেলাৰ আজিৰ কাৰ্যসূচী অনুসৰি পুৱা- ৯ বজাৰ পৰা প্রয়াত কুমলী গগৈ সোঁৱৰণী প্রার্থনা প্রতিযোগিতা অনুষ্ঠিত হ’য়।ইফালে দিনৰ ১১ বজাৰ পৰা “বৰ্তমানৰ প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কে অন্তৰঙ্গ আলাপ”-শীৰ্ষক এক পৰিৱেশ সজাগতামুলক অনুষ্ঠান আয়োজন কৰা হয়।এই অনুষ্ঠানৰ আঁত ধৰে অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান প্ৰাপ্ত প্ৰকৃতিকৰ্মী দেৱজিৎ ফুকনে।এই অন্তৰংগ আলাপ অনুষ্ঠানত অংশগ্ৰহণ কৰি
অসম বিজ্ঞান,সমিতিৰ উপ-সভাপতি,ড° অমল চন্দ্র দত্ত আৰু শিশু বিজ্ঞান সমাৰোহৰ ৰাজ্যিক সমল ব্যক্তি বিমান সন্দিকৈয়ে আলোচনা আগবঢ়াই।অন্যহাতে বিয়লি ১ বজাৰ পৰা গ্ৰন্থমেলা সমিতিৰ সভাপতি ড° গিৰীণ গগৈৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হয়।
এই সভাখনি উদ্বোধন কৰি ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই বেদ,উপনিষদৰ বিভিন্ন তথ্যৰ উদ্ধৃতিৰে বক্তব্য আগবঢ়াই কয় যে-“যি জাতিয়ে পুথি বা গ্ৰন্থৰ মহত্ব উপলব্ধি কৰিব নোৱাৰে সেই জাতি জ্ঞান আৰু প্ৰজ্ঞাত দুখীয়া হয়।গ্ৰন্থৰ মাজৰ জ্ঞান আৰু জীৱনৰ অভিজ্ঞতাৰ পৰা লাভ কৰা জ্ঞানৰ সু-সংমিশ্ৰণত গঢ়ি উঠা চিন্তাক আমাৰ কৰ্মক্ষেত্ৰত খটুৱাব পাৰিলেহে আমি এখন বৌদ্ধিকভাৱেও সুন্দৰ সমাজ গঢ় দিব পাৰিম।”
তেখেতে লগতে-‘পৃথিৱীৰ সকলো কল্যাণকামী চিন্তাই আমাৰ সমাজত ঠাই পাওঁক’ আশা ব্যক্ত কৰে।মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি-লখিমপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° পংকজ বৰাই তেওঁৰ বক্তব্যত কয় যে-
“ভাৰতীয় জ্ঞান পৰম্পৰাই এক নিৰ্দিষ্ট পৰিসীমাৰ জ্ঞান আহৰণৰ কথাত গুৰুত্ব দিয়া নাছিল;বিশ্ব-ব্ৰহ্মাণ্ডৰ সকলো প্ৰান্তৰ জ্ঞান আহৰণৰ কথাত গুৰুত্ব আৰোপ কৰিছিল।”তদুপৰি তেওঁ ইয়াকো কয় যে-“গ্ৰন্থমেলা এখন কেৱল কিতাপৰ বজাৰ বা গীত-নৃত্যৰ সাংস্কৃতিক অনুষ্ঠানৰ সমাহাৰ নহয়;গ্ৰন্থমেলাত বিভিন্ন দিশৰ বৌদ্ধিক চিন্তা-চেতনাৰ উন্মেষ ঘটে।”তদুপৰি এই মুকলি সভাত বিশিষ্ট লেখিকা পুষ্পা গগৈ,অৱসৰী অধ্যক্ষ কল্পনা গগৈ,আৰু ঢকুৱাখনা সম জিলাৰ সমজিলা আয়ুক্ত অপূৰ্ব কুমাৰ নাথেও অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়াই। উল্লেখ্য যে এই সভাতেই গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয়।ইফালে সন্ধিয়া-৫ বজাৰ পৰা প্রয়াত নাট্যকর্মী পীতাম্বৰ গগৈ সোঁৱৰণী ‘সাংস্কৃতিক অনুষ্ঠান’ আৰম্ভ হয়। এই অনুষ্ঠানত ক্ৰমে-শ্রুতিমালা স্বৰগম ঢকুৱাখনা, সুৰ সমলয়, ঢকুৱাখনা এক্টিং একাডেমী,নর্মাল স্কুলে অনুষ্ঠান পৰিৱেশন কৰে।

