মুকালমুৱাত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানঃ তিনিজন লোক আৰু এগৰাকী মহিলাক আটক

মুকালমুৱাৰ দুটাকৈ স্থানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। অভিযানত তিনিজন লোক আৰু এগৰাকী মহিলাক আটক। দুয়োটা স্থানৰে পৰা সন্দেজনক হেৰ’ইনৰ লগতে নগদ ধন জব্দ।

মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত দুটাকৈ স্থানত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে পৃথকে পৃথকে অভিযান চলাই। ২নং লাৰকুছিত মুকালমুৱা আৰক্ষী আৰু দৌলাশাল আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছ সৰবৰাহত জড়িত তিনিজন লোকক আটক কৰে। আটকধীন লোককেইজনৰ নাম ৰুবুল হক, আয়ান আলী আৰু ৰাকিবুল। আৰক্ষীয়ে আটকধীন লোককইজনৰ পৰা প্ৰায় ৬১.১৫ গ্ৰাম সন্দেজনক হেৰ’ইন জব্দ কৰে।

ইফালে মুকালমুৱাৰ বালিকুছিৰ ৰমজান আলী নামৰ এজন লোক আৰু তেওঁৰ পত্নীয়ে অঞ্চলটোত ড্ৰাগছৰ ব্যৱসায় চলাই থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে। সেই তথ্যৰ ভিত্তিতে ৰমজান আলীৰ বাসগৃহত মুকালমুৱা আৰক্ষী আৰু আদাবাৰী পহৰা চকী আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২৫ গ্ৰাম সন্দেজনক হেৰ’ইন জব্দ কৰাৰ লগতে নগদ ১৬,২৭০ টকা জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ উপস্থিতিৰ খবৰ পাই অভিযুক্ত ৰমজান আলীয়ে পলায়ন কৰে যদিও তেওঁৰ পত্নী আৰিফি বেগমক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।

Related Articles