মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক

মুখ্যমন্ত্ৰীক হত্যাৰ ভাবুকিৰ গোচৰত আৰু তিনিজন আটক

মুখ্যমন্ত্ৰীক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ ঘটনাক কেন্দ্ৰ কৰি মৰিগাঁও আৰক্ষীয়ে আৰু তিনিজন লোকক আটক কৰিছে। আটকাধীন লোককেইজন হৈছে ভাবুকি দিয়াৰ অভিযোগত পূৰ্বে গ্ৰেপ্তাৰ হোৱা আব্দুল মোতালেবৰ পিতৃ আব্দুল খালেক, জ্যেষ্ঠ ভাতৃ আবু তালেব আৰু ৰাছিদুল ইছলাম।

আৰক্ষীৰ সূত্ৰ অনুসৰি, বৰালিমাৰিৰ পৰা তিনিওজনকে সোধা-পোছাৰ বাবে আটক কৰা হৈছে। বৰ্তমান তেওঁলোকক আৰক্ষীয়ে মাৰাথন জেৰা চলাই আছে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ ফেচবুক লাইভত হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত মৰিগাঁও আৰক্ষীয়ে আব্দুল মোতালেবক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ অনুসৰি, এক কোটি টকা দিলেই মুখ্যমন্ত্ৰীক হত্যা কৰাৰ ভাবুকি দিছিল আব্দুল মোতালেবে।

সমগ্ৰ ঘটনাৰ আঁৰত আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই সন্দৰ্ভতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। আটকাধীন তিনিওজনৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত পৰৱৰ্তী সময়ত অধিক পদক্ষেপ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

Related Articles