মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আশাৰ আলোক, য়ুথ ক্লাব, ব্ৰাহ্মণ সভাৰ ২.৬১ লাখ টকা প্ৰদান

দৰং জিলাৰ তিনিটা স্বেচ্ছাসেৱী অনুষ্ঠানে কালি নিশা ৯ বজাত দিশপুৰৰ জনতা ভৱনত মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাক সাক্ষাৎ কৰি ‘মুখ্যমন্ত্ৰী সাহায্য পূঁজি’লৈ মুঠ দুই লাখ ৬১ হাজাৰ টকা প্ৰদান কৰে। মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কেবিনেট মন্ত্ৰী নীলিমা দেৱীৰ উপস্থিতিত মানৱতাবাদী সংগঠন ‘আশাৰ আলোক’- মানুহে মানুহৰ বাবে, দৰং, অসমৰ তৰফৰ পৰা এক লাখ এহেজাৰ টকা, য়ুথ ক্লাব মঙলদৈৰ পৰা এক লাখ টকা আৰু দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ পৰা ৬০ হাজাৰ টকা প্ৰদান কৰা হয়।

এই উপলক্ষে ‘আশাৰ আলোক’ৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক ফুলাম গামোচাৰে সম্ভাষণ জনাই সংগঠনটোৰ দ্বাৰা প্ৰকাশিত ‘অধ্যাপক ৰাজেন্দ্ৰ বৰুৱাঃ জীৱন আৰু কৃতি, সাংবাদিক প্ৰশান্ত বৰুৱাঃ জীৱন আৰু কৃতি, ৰক্তদাতা কন্দৰ্প ডেকা সোঁৱৰণী গ্ৰন্থ, সংগঠনটোৰ বাৰ্ষিক পত্ৰিকা আৰু প্ৰতীক চিহ্ন প্ৰদান কৰাৰ লগতে এক লাখ এহেজাৰ টকাৰ চেক সভাপতি হৰিচন্দ্ৰ শৰ্মা, সাধাৰণ সম্পাদক গণেশ দত্ত, সম্পাদক জয়প্ৰকাশ শৰ্মা, কোষাধ্যক্ষ গোলোক বৰাই প্ৰদান কৰে। দোকান পোহাৰ, ঘৰ দুৱাৰত গৈ অথবা কাৰোবাক তাগিদা দি চান্দা সংগ্ৰহ নকৰি শুভাকাংক্ষী সকলে জন্মদিন, মৃত্যু তিথি তথা অন্যান্য শুভ কৰ্মত স্ব-ইচ্ছাই আগবঢ়োৱা ধন সংগঠনটোৱে বেংক একাউণ্টত জমা কৰি আৰ্থিকভাৱে দুৰ্বল ৰোগীৰ চিকিৎসা, ছাত্ৰ ছাত্ৰীক কিতাপ পত্ৰ প্ৰদান, জৰাজীৰ্ণ গৃহ মেৰামতি আদি বিভিন্ন সমাজসেৱামূলক কাম কৰি ইতিমধ্যে জনপ্ৰিয় হৈ পৰা এই সংগঠনটোৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মা।

তেওঁ কয়- ‘আপোনালোকে বহু ভাল কাম কৰি আছে। এই কামত সহযোগ কৰিম। আপোনালোকে জিলা ভূমি উপদেষ্টা পৰিষদ, দৰঙৰ পৰা পোৱা আধা বিঘা ভূমিত গৃহ নিৰ্মাণৰ বাবে ধন দিম। এই ক্ষেত্ৰত আপোনালোকে মন্ত্ৰী নীলিমা দেৱীৰ লগত যোগাযোগ ৰাখিব।’ উল্লেখ্য যে, উজনি অসমত হোৱা বানপানীৰ সময়ত ৰাইজে স্ব-ইচ্ছাই আগবঢ়োৱা ধনৰে যোৱা ২৮ জুলাইত শিৱসাগৰ – চৰাইদেউ অঞ্চলত এই মানৱতাবাদী সংগঠনটোৱে ৬ খন বাহনৰে বিভিন্ন সামগ্ৰী লৈ গৈ বিতৰণ কৰাৰ পিছতো সংগঠনটোৰ পূঁজিত প্ৰায় ৩ লাখ টকা জমা থকাত এই জমাকৃত ধনৰ পৰাই মুখ্যমন্ত্ৰী সাহায্য পূঁজিলৈ এক লাখ এহেজাৰ টকা দিয়াৰ লগতে বানবিধ্বস্ত দৰঙৰ ঔতলাৰ দুটা পৰিয়ালৰ ঘৰ মেৰামতি কৰি দিছে। ইয়াৰ পিছতো সংগঠনটোৰ একাউণ্টত জমা থকা প্ৰায় ১.৭০ লাখ টকাৰে অচিৰেই বানপীড়িতৰ বাবে আৰু ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিব বুলি সাধাৰণ সম্পাদক গণেশ দত্তই জনাইছে। ইপিনে দৰঙৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান য়ুথ ক্লাব মঙলদৈৰ সভাপতি গিৰিশ চন্দ্ৰ ডেকা, কাৰ্যকৰী সভাপতি দুলাল চন্দ্ৰ ডেকা, সাধাৰণ সম্পাদক ৰাজীৱ কুমাৰ ডেকা, উপসভাপতি ধীৰেন্দ্ৰ শৰ্মাই এক লাখ টকাৰ চেক আৰু ক্লাবৰ সোণালী জয়ন্তীৰ স্মৃতিগ্রন্থ মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে।

আনহাতে দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ তৰফৰ পৰা সভাপতি তপন কুমাৰ শৰ্মা, সম্পাদক সঞ্জীৱ কুমাৰ শৰ্মাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ৬০ হাজাৰ টকাৰ চেক প্ৰদান কৰে। এই অনুষ্ঠানত ব্ৰাহ্মণ মহাসভা অসমৰ কাৰ্যকৰী সভাপতি মাধৱ শৰ্মা আৰু মঙলদৈ চপাইস্থিত শ্ৰী শ্ৰী নৱগ্ৰহ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ কুমাৰ শৰ্মা উপস্থিত থাকি দৰং – ওদালগুৰি জিলা ব্ৰাহ্মণ সভাৰ বাবে ভুমি আৱণ্টন, শ্ৰীশ্ৰী নৱগ্ৰহ মন্দিৰৰ আন্ত:গাঠনি উন্নয়নৰ বাবে আৰ্থিক অনুদান আৰু দৰঙৰ মহীৰূহ পণ্ডিত দীনেশ্বৰ শৰ্মাৰ পুৰ্ণ অৱয়বৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আৰু উদ্যান মঙলদৈ চহৰত নিৰ্মাণৰ বাবে এখন স্মাৰক পত্ৰ প্ৰদান কৰে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে আঁচনি সমূহৰ ৰূপায়ণৰ প্ৰক্ৰিয়া তৰান্বিত কৰিবলৈ মঙলদৈ সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী শ্ৰী নীলিমা দেৱীক নিৰ্দেশ দিয়ে।

Related Articles