Breaking

মেধাৱী ছাত্ৰীৰ হোষ্টেলৰ চাদৰ পৰা পৰি মৃত্যু

0 56

দৰং জিলাৰ বালিপোতাৰ এগৰাকী মেধাৱী ছাত্ৰীৰ ৰহস্যজনকভাৱে গুৱাহাটীৰ এখন ব্যক্তিগত হোষ্টেলৰ চাদৰ পৰা পৰি মৃত্যু হোৱাৰ ঘটনাই আজি বৃহত্তৰ বালিপোতাৰ ৰাইজক আবেগিক কৰি তুলিছে। কটন কলেজৰ পৰা উচ্চতৰ প্ৰথম বৰ্ষৰ চূড়ান্ত পৰীক্ষা দি ৰঙালী বিহুত ঘৰলৈ উভতি অহাৰ যো-জা চলাই থাকোতেই সংঘটিত অনাকাংক্ষিত ঘটনাটো প্ৰকৃততে এক দূৰ্ঘটনা নে হত্যা, নে আত্মহত্যা সেইলৈয়ো প্ৰশ্নৰ অৱতাৰণা কৰিছে।

লক্ষনীয় যে, বালিপোতা নিৱাসী তথা বেজেৰা আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰৱক্তা জিতেন্দ্ৰ কুমাৰ বৰুৱাৰ জ্যেষ্ঠ কন্যা কলিনা বৰুৱাই বিগতবৰ্ষত মঙলদৈ ডনবস্কো হাইস্কুলৰ পৰা প্ৰায় ৮৫ শতাংশ নম্বৰ লৈ সুখ্যাতিৰে উৰ্ত্তীণ হৈছিল। কলিনাই কটনত নামভৰ্তি কৰি উজানবজাৰৰ স্বৰ্ণলয়া নামৰ ব্যক্তিগত হোষ্টেলত থাকিবলৈ লয়।

মেধাৱী ছাত্ৰী গৰাকীয়ে কালি পূৱাৰ ভাগত সম্পূৰ্ণ সুস্হ থকাৰ লগতে পিতৃ জিতেন্দ্ৰ বৰুৱাৰেও ফোনযোগে বাৰ্তালাপ কৰি ৰঙালী বিহুত সামান্য আগতীয়াকৈ অৰ্থাৎ কাইলৈ নিজগৃহলৈ উভতি অহাৰ বাবে পিতৃক মাতি পঠিয়াইছিল। সৰুৰে পৰা বিহু নাচি-গাই ভালপোৱা কলিনাই বিহুৰ বাবে প্ৰস্তুতিও চলাইছিল। কিন্তু, এনেদৰে ঘৰলৈ উভতাৰ পৰিকল্পনা লৈ থকা অৱস্হাতে দিনৰভাগত পিতৃলৈ হঠাৎ অনাকাংক্ষিত খবৰটো আহে।

লগে লগে পৰিয়ালে গুৱাহাটীৰ আগশাৰীৰ এখন নাৰ্চিংহোমত ভৰ্তি কৰোৱায়। চিকিৎসকে সংজ্ঞাহীন কলিনাক লগে লগে ভেন্টিলেটৰ চাপৰ্ট দিবলগাত পৰে। মাত্ৰ ১২ ঘন্টাৰ চিকিৎসাত কলিনাৰ জীৱন আৰু ঘূৰাই নাপালে। আজি পূৱাৰভাগত মেধাৱী ছাত্ৰী গৰাকীক মৃত ঘোষণা কৰা হয়।

পাছলৈ সৰগ ভাগি পৰা পৰিয়ালটোৱে আজি মৰণোত্তৰ পৰীক্ষা সমাপন কৰি সন্ধিয়া বালিপোতালৈ লৈ আহে নিঠৰ কলিনাক। কলিনাৰ নিঠৰ দেহ প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজ আবেগিক হৈ পৰাই নহয়, অকালতে এক প্ৰতিভা মৰহি যোৱাত গভীৰ আক্ষেপ প্ৰকাশ কৰে। স্থানীয় ৰাইজ, শুভাকাংক্ষীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পন কৰি বিদায় জনায়।

প্ৰতিভাৱান ছাত্ৰী কলিনাৰ ব্যক্তিগত হোষ্টেলৰ চাদৰ পৰা কিদৰে সৰি পৰিল অথবা দুমহলীয়া হোষ্টেল খন অসুৰক্ষিত আছিল নেকি সেইলৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে শোকাকুল ৰাইজে। দূৰ্ঘটনাৰ বিষয়টো এৰাই চলিলে সমগ্ৰ বিষয়টো পৰিকল্পিতভাৱে হত্যা অথবা আত্মহত্যাৰ আশংকা গঢ়ি উঠে। কিন্তু প্ৰৱল আত্মবিশ্বাসী ছাত্ৰী গৰাকীয়ে আত্মহত্যাৰ প্ৰশ্নই নুঠে বুলিও একাংশই দাবী কৰিছে।

Leave A Reply