Breaking

মোক সকলোৱে মামা বুলিয়েই জানে- মুখ্যমন্ত্ৰী ড৹ শৰ্মা

0 18

বৰপথাৰত মুখ্যমন্ত্ৰীৰ বিশাল নিৰ্বাচনী সভা

দৈনন্দিন বাৰ্তাৰ সেৱা, বৰপথাৰ, ধনশিৰি, ২ এপ্ৰিল: আগন্তুক লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই প্ৰচাৰ অভিযানত টঙালি বান্ধিছে ৰাজনৈতিক দল সমুহে ৷ দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো ১৪ খন লোক সভা আসনৰ বাবে নিৰ্বাচন আয়োগে তিনিটা ভাগত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তাৰিখ ঘোষণা কৰা পিচৰে পৰা অসমত প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ বাবে বিজেপি, কংগ্ৰেছকে ধৰি বহুকেইটা ৰাজনৈতিক দলে ইতিমধ্য নিজা নিজা প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ প্ৰদান কৰিছে৷ অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ইতিমধ্যে সাজু হৈছে শাসকীয় বিজেপিকে ধৰি কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দল সমুহে৷

আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ১০ নং কাজিৰঙা লোক সভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাক জয়ী কৰাবলৈ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত বৰপথাৰৰ পৰাই নিৰ্বাচনী ৰণডংকা বজাই প্ৰথম পৰ্যায়ৰ লোক সভা নিৰ্বাচনৰ শুভাৰম্ভণি কৰে। কামাখ্যা প্ৰসাদ তাচাৰ হৈ এক বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণৰ বাবে আজি বিয়লি প্ৰায় দুই মান বজাত হেলিকপ্টাৰেৰে আহি বৰপথাৰত অৱতৰণ কৰাৰ পাছত এক বিশাল ৰেলীৰে বৰপথাৰ নগৰস্থিত প্ৰচাৰ সভা স্থলীলৈ আদৰি আনে মুখ্যমন্ত্ৰী গৰাকীক।

মুখ্যমন্ত্ৰী গৰাকীক সংগ দিয়ে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে। প্ৰায় দহ হাজাৰৰো অধিক লোকৰ সমাগম ঘটা এই প্ৰচাৰ সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাচাই ১ লাখ ভোটত জয়লাভ কৰিব বুলি ৰাইজৰ আগত প্ৰকাশ কৰে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সৰুপথাৰ অসমৰ ভেঞ্চাৰ সমষ্টি আছিল বুলিও মন্তব্য কৰাৰ কৰি অসমৰ ভিতৰতে আটাইতকৈ পিছপৰি থকা সমষ্টিটো এতিয়া অসমৰ ভিতৰত আটাইতকৈ উন্নত সমষ্টি হ’বলৈ গৈ আছে বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে। আনহাতে কংগ্ৰেছ প্ৰাৰ্থী গৰাকীকো কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দীৰ্ঘ বছৰ ধৰি শাসন কালত থাকিও এটা সমষ্টিৰেই উন্নয়ন নকৰি পৰাজয় হোৱা ৰ’জলীনা তিৰ্কীয়ে দহটা সমষ্টিৰ কেনেকৈ উন্নয়ন সাধিব বুলি প্ৰশ্ন কৰে।

সৰুপথাৰ সমষ্টি এতিয়া বাট-পথ, চিকিৎসা, শিক্ষা আদি সকলো দিশতে এক জাকত জিলিকা হৈ পৰিছে বুলিও কোৱাৰ লগতে কয় যে এইবাৰৰ পৰা কলেজলৈ পোৱা ছাত্ৰীসকলৰ নামভৰ্তি বিনামূলীয়া কৰাৰ লগতে মেট্ৰিক পাছ কৰা ছাত্ৰী সকলে ১০ হাজাৰ টকা, ডিগ্ৰীলৈ উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰী সকলে ১২ হাজাৰ আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰী সকলৰ একাউন্টত ২৫ হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিব। এইবাৰৰ পৰা ৰেচন কাৰ্ড থকা কিন্তু অৰুণোদয় আচনিৰ সুবিধা লাভ নকৰা সকলো হিতাধীকাৰীয়েই অৰুণোদয় আচনিৰ ধন লাভ কৰিব বুলিও ৰাইজক জনায়।

ইপিনে বৃহত্তৰ টেঙানিবাসীৰ দীৰ্ঘ বছৰৰ এটা সমস্যা শীঘ্ৰেই সমাধান হব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। টেঙানি বাসীৰ যোগাযোগৰ বাবে খকনগুৰিত এখন ৰে’লৱে অভাৰ ব্ৰীজ নিৰ্মাণ হোৱাৰ লগতে চুঙাজান আৰু সৰুপথাৰতো ৰেলৱে অভাৰব্ৰীজ নিৰ্মাণ কৰা হব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইপিনে জুলাই মাহতে অসম আৰক্ষীৰ প্ৰৱেশ পৰীক্ষা সমূহ অনুষ্ঠিত হব বুলিও মুখ্যমন্ত্ৰী জনায়।

ইপিনে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীক হিটলাৰৰ লগত তুলনা কৰা প্ৰসংগত মোক সকলোৱে মামা বুলিয়েই জানে আৰু কংগ্ৰেছ অসমৰ পৰা নাইকিয়া হৈ গৈছে বুলি মন্তব্য কৰে। এই নিৰ্বাচনী প্ৰচাৰৰ জৰিয়তে কামাখ্যা প্ৰসাদ তাচাক বিপুল ভোটত জয়লাভ কৰাবলৈ সৰুপথাৰ সমষ্টিৰ ৰাইজক মুখ্যমন্ত্ৰী গৰাকীয়ে আহ্বান জনায়। আজিৰ এই নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিটিচিৰ মুখ্য কায্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে স্থানীয় বিধায়ক বিশ্বজিৎ ফুকন।

Leave A Reply