মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন, সেনাৰ ফ্লেগমাৰ্চ : কোকৰাঝাৰত অধিক অৱনতি পৰিস্থিতি

কোকৰাঝাৰ জিলাত সোমবাৰে সংঘটিত হিংসাত্মক ঘটনাৰ পাছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। কাৰিগাঁৱত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ গুলী চালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰিবলগীয়া হয়। একে সময়তে জিলাখনত ৰেপিড একচন ফ’ৰ্চ (RAF)ৰ দুটা কোম্পানী মোতায়েন কৰা হৈছে আৰু সেনাৰ ফ্লেগমাৰ্চ চলোৱা হৈছে। শেহতীয়া পৰিস্থিতিক লৈ প্ৰশাসনে সমগ্ৰ কোকৰাঝাৰ জিলাতে মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি, সোমবাৰৰ ঘটনাৰ পাছতে একাংশ ক্ষুব্ধ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অগ্নিসংযোগৰ দৰে ঘটনাত লিপ্ত হয়। কাৰিগাঁৱৰ কেইবাটাও স্থানত প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় বুলি জানিব পৰা গৈছে।

সূত্ৰৰ মতে, প্ৰতিবাদকাৰীয়ে বীৰছা কমাণ্ডো ফ’ৰ্চৰ দুটাকৈ অস্থায়ী শিবিৰত অগ্নিসংযোগ কৰে। সোমবাৰে সন্ধিয়া সংঘটিত ঘটনাত প্ৰথমে এজন লোক নিহত আৰু চাৰিজন গুৰুতৰভাৱে আহত হোৱা বুলি খবৰ পোৱা গৈছিল। কিন্তু শেহতীয়া তথ্য অনুসৰি, গণপ্ৰহাৰৰ ঘটনাত এই পৰ্যন্ত দুজনকৈ লোকৰ মৃত্যু হৈছে। প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ সংঘৰ্ষত কেইবাজনো লোক আহত হয়, ইয়াৰ ভিতৰত কেইবাজনো আৰক্ষীৰ জোৱান আছে।

ইফালে, ডাভোছৰ পৰা অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই DGP হৰমীত সিঙৰ সৈতে ফোনযোগে কথা পাতি পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে। ঘটনাস্থলীত উপস্থিত আছে IGP বিবেকৰাজ সিং আৰু জ্যেষ্ঠ আৰক্ষী বিষয়াসকল। আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক কৰিবলৈ প্ৰশাসনে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।

উল্লেখ্য যে, কোকৰাঝাৰ জিলাত এজন যুৱকৰ নৃশংস হত্যাকাণ্ডক কেন্দ্ৰ কৰি এই অশান্তিৰ সূচনা হয়। কাৰিগাঁও আৰক্ষী আউটপোষ্টৰ পৰা প্ৰায় ১ৰ পৰা ১.৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত গৌৰীনগৰত ১৯ জানুৱাৰী সোমবাৰে সংঘটিত এক ভয়ংকৰ ঘটনাৰ পাছতেই পৰিস্থিতি বেয়ালৈ গতি কৰে। প্ৰাথমিক তথ্য অনুসৰি, এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি কাজিয়াৰ সূত্ৰপাত হয় আৰু পৰৱৰ্তী সময়ত ক্ষুব্ধ জনসাধাৰণে চিকনা জৗহালৗও বিছমিট নামৰ এজন যুৱকক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

নিহত যুৱকজন অঞ্চলটোত পথ নিৰ্মাণৰ কামত নিয়োজিত ঠিকাদাৰ বাৰোন্দা বসুমতাৰীৰ জোঁৱাই বুলি জানিব পৰা গৈছে। হিংসাত্মক ঘটনাত যুগিৰাজ ব্ৰহ্ম, প্ৰভাত ব্ৰহ্মকে ধৰি কেইবাজনো ব্যক্তি আহত হয়। ঘটনাস্থলীত এখন স্ক’ৰপিঅ’ বাহনত অগ্নিসংযোগ কৰা হয়। আৰক্ষীয়ে জনাইছে যে, এই হত্যাকাণ্ড আৰু তাৰ পাছত সংঘটিত হিংসাত্মক ঘটনাৰ সৈতে জড়িত এই পৰ্যন্ত ২৯ জন ব্যক্তিক আটক কৰা হৈছে। নিহত আনজন যুৱকৰ নাম সুনীল মুৰ্মু বুলি আৰক্ষী সূত্ৰই নিশ্চিত কৰিছে।

বৰ্তমানো কোকৰাঝাৰৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ আছে আৰু প্ৰশাসনে সৰ্বোচ্চ সতর্কতা অৱলম্বন কৰি আইন-শৃংখলা বজাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Related Articles