মৰিগাঁও জিলাৰ চৰ অঞ্চলসমূহকে ধৰি বান তথা খহনীয়াপ্ৰৱণ এলেকাসমূহত ৰাজ্য চৰকাৰৰ দ্বাৰা মথাউৰি, বান্ধ আৰু কেতবোৰ ঠাইত প্ৰয়োজন অনুসৰি শ্লুইছ গেট নিৰ্মাণকে ধৰি ভালেমান প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষত জিলাখন বানৰ দ্বাৰা বিশেষ ক্ষতিগ্ৰস্ত হোৱা নাই যদিও নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ পানী বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি সম্ভাব্য বান পৰিস্থিতিৰ জোৰা মৰাৰ বাবে জিলা প্ৰশাসনে সকলো ধৰণে প্ৰয়াস অব্যাহত ৰাখিছে।
কেতবোৰ নৈপৰীয়া অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত পানী বঢ়ালৈ চাই জনসাধাৰণ যাতে অসুবিধাৰ সন্মুখীন নহয় সেয়া সুনিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এইবাৰ জিলাখনত বান পৰিস্থিতিৰ সৃষ্টি হোৱা নাই যদিও জিলা প্ৰশাসনে নৈপৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ওখ ঠাইসমূহত স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ প্ৰচেষ্টা হাতত লৈছে।

জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ একান্ত প্ৰচেষ্টা আৰু উদ্যোগত মৰিগাঁও জিলাৰ কেইবাটাও চৰ অঞ্চলত বান আৰু খহনীয়া ক্ষতিগ্ৰস্ত জনসাধাৰণৰ সহায় হোৱাকৈ স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে। শেহতীয়াকৈ জিলা আয়ুক্তৰ উদ্যোগত আৰু শৰৎচন্দ্ৰ কাকতি চেৰিটেবল ট্ৰাষ্টৰ আৰ্থিক অনুদানেৰে জিলাখনৰ বৰালীমাৰি চৰত এটা স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
কেইবাদিন ধৰি দি থকা ধাৰাষাৰ বৰষুণৰ ফলত যোৱা ২৭ আগষ্টত বৰালীমাৰি চৰৰ চাৰিওফালে ব্ৰহ্মপুত্ৰৰ পানী বাঢ়িবলৈ ধৰে। বাঢ়নী পানীৰ ফলত বৰালীমাৰি চৰ অঞ্চলত বাস কৰা ১২৫ জন লোকে ৭৫ টাকৈ গৰু-ছাগলীসহ চৰ অঞ্চলটোত স্থাপন কৰা স্থায়ী আশ্ৰয় গৃহত আশ্ৰয় লয়। এই আশ্ৰয়গৃহত এটা পাকঘৰ আৰু এটা মজুতকৰণ গৃহও আছে। অনুৰূপ স্থায়ী আশ্ৰয় গৃহৰ নিৰ্মাণৰ কাম জিলাখনৰ লাহৰিঘাট অঞ্চলত অহা নৱেম্বৰ মাহত আৰম্ভ কৰা হ’ব। এই আশ্ৰয় গৃহটোত বান ক্ষতিগ্ৰস্ত লোকসকলে থকা-খোৱা সকলো সুবিধা লাভ কৰাৰ লগতে এটা সুৰক্ষিত ঘৰুৱা পৰিৱেশত আশ্ৰয় ল’ব পাৰিব।
জিলা আয়ুক্তগৰাকীয়ে কয়, ‘অতি সৌভাগ্যৰ কথা যে মৰিগাঁও জিলাখনত এইবাৰ বান পৰিস্থিতিৰ বিশেষ অৱনতি ঘটা নাই। এইবাৰ জিলাখনত বহু বছৰৰ মূৰত ৰাইজে শালি খেতিও কৰিছে। এইয়া জিলাখনৰ কৃষি অৰ্থনীতি বিশেষকৈ কৃষকসকলৰ বাবে এটা ইতিবাচক খবৰ’। বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ বাবে জিলাখনত ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ ইয়াৰ অন্যতম কাৰণ বুলি তেওঁ কয়।

জিলা আয়ুক্তগৰাকীয়ে কয় যে, ‘বান পৰিস্থিতিৰ সৃষ্টি নহ’লেও নৈপৰীয়া অঞ্চলসমূহত বাঢ়নী পানীৰ আশঙ্কাৰ প্ৰতি লক্ষ্য ৰাখি জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে জিলা প্ৰশাসনে সদায় প্ৰয়াস চলাই আহিছে’। এইক্ষেত্ৰত ইতিমধ্যে জিলা প্ৰশাসনে কেইবাটাও বেচৰকাৰী সংস্থাৰ সৈতে আলোচনাত মিলিত হৈছে বুলি উল্লেখ কৰি তেওঁ কোনো ইচ্ছুক বেচৰকাৰী সংস্থাই এই দিশত কাম কৰিব বিচাৰিলে প্ৰশাসনৰ তৰফৰ পৰা সকলোধৰণে সহায় আগবঢ়োৱা হ’ব বুলি মন্তব্য কৰে। তেওঁ মানৱীয় দৃষ্টিভংগীৰে বেচৰকাৰী সংস্থাসমূহক এনে কাৰ্যৰ বাবে আগবাঢ়ি আহিবলৈও আহ্বান জনায়।
উল্লেখযোগ্য যে জিলা আয়ুক্তগৰাকীৰ প্ৰচেষ্টাত মৰিগাঁও জিলাৰ বিভিন্ন চৰ অঞ্চলত কেইবাটাও বেচৰকাৰী সংস্থাৰ সহযোগত বহুকেইটা স্থায়ী আশ্ৰয় গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। এনে স্থায়ী আশ্ৰয় গৃহসমূহত বান ক্ষতিগ্ৰস্ত লোকসকলে অস্থায়ীভাৱে আশ্ৰয় ল’ব পাৰিব।
মৰিগাঁও জিলাৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলে জিলা আয়ুক্তগৰাকীৰ এই প্ৰয়াসৰ শলাগ লৈছে। বিশেষভাৱে আশ্ৰয় শিবিৰত সাময়িকভাৱে আশ্ৰয় লোৱা মহিলাসকলে জিলা আয়ুক্তগৰাকীৰ এই প্ৰয়াসৰ উচ্চ প্ৰশংসা কৰি ভৱিষ্যৎ সময়ত তেওঁৰ নেতৃত্বত এনেধৰণৰ কল্যাণমূলক কাৰ্যকলাপ অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰিছে। স্মৰ্তব্য যে নদীৰ পানী বাঢ়িলে নৈপৰীয়া অঞ্চলত বাস কৰা ৰোগাক্ৰান্ত, বয়োজ্যেষ্ঠ, দিব্যাংগ, শিশু আৰু মহিলাসকলে অনেক সমস্যাৰ সন্মুখীন হ’ব লগা হয়।

