সমাগত বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে শাসক বিৰোধীয়ে আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। সেই অনুসৰি আগন্তুক বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এক বিশেষ সমষ্টি হিছাপে বিবেচিত হৈছে যোৰহাট সমষ্টি। যোৰহাট সমষ্টিক লৈ ইতিমধ্যেই আৰম্ভ যৈছে জল্পনা কল্পনা। ইতিমধ্যেই কংগ্ৰেছ দলে যোৰহাট সমষ্টিৰ বাবে ঘোষণা কৰিছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ নাম। গৌৰৱ গগৈৰ নাম যোৰহাট সমষ্টিৰ বাবে ঘোষণা হোৱাৰ লগে লগেই তৎপৰ হৈ পৰিছে যোৰহাট জিলা কংগ্ৰেছ কৰ্মী সকল। কিয়নো নিগত লোকসভা নিৰ্বাচনৰ ফলাফলত গৌৰৱ গগৈৰ বিশাল ব্যৱধানত জয়লাভে উৎসাহিত কৰি ৰাখিছিল যোৰহাটৰ কংগ্ৰেছ কৰ্মী সকলক। ৰাজ্যৰ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয় আছিল বিধানসভা নিৰ্বাচনৰ বাবে যোৰহাট জিলা কংগ্ৰেছৰ এক বিশেষ শক্তি।
আগন্তুক বিধনসভা নিৰ্বাচনৰ বাবে যোৰহাট বিধানসভা সমিষ্টিত কংগ্ৰেছ দলে টঙালি বান্ধিছিল লোকসভা নিৰ্বাচনৰ ফলাফলৰ পাছৰ পৰাই। সেই অনুসৰি কংগ্ৰেছ দলৰ পৰা যোৰহাট বিধানসভা সমষ্টিৰ বাবে নাম উচ্চাৰিত হৈছিল দহ গৰাকী পাৰ্থিৰ নাম। যত আছিল বহু কেইগৰাকী যুৱ নেতাৰ লগতে প্ৰাক্তন পৌৰপতি তথা যোৰহাট পৌৰসভাৰ ৱাৰ্ড মেম্বাৰৰ নাম। দকলোৱে নিজকে যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিবৰ বাবে আবেদন দাখিল কৰিছিল। আৰু প্ৰত্যেক গৰাকী পাৰ্থিয়ে কৈছিল যে কংগ্ৰেছ দলৰ স্বাৰ্থত দলে যাক টিকট প্ৰদান কৰে তেওঁৰ হৈ যুঁজত নামি পৰিব আৰু তেওঁলোকৰ লক্ষ যোৰহাট সমষ্টিতো পুনৰ এবাৰ কংগ্ৰেছৰ দখললৈ অনাৰ। আৰু যোৰহাট বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈৰ নাম ঘোষণা কৰাৰ পাছত গৌৰৱ গগৈৰ হৈ নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ লক্ষ আগত লৈ নামি পৰিছে কংগ্ৰেছ কৰ্মী সকল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত যোৰহাট বিধানসভা সমষ্টিৰ পৰিসৰ যথেষ্ট সলনি হল আৰু যোৰহাটৰ বহু পঞ্চায়ত অন্তৰ্ভুক্ত হল টীয়ক সমষ্টিত। সেই অনুসৰি যোৰহাট বিধানসভা সমষ্টিৰ পৰিসৰ যথেষ্ট হ্ৰাস পালে। এক কথাত কবলৈ গলে সাংসদ গৌৰৱ গগৈয়ে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে কংগ্ৰেছ কৰ্মী সকল উৎসাহী যদিও বহু প্ৰাৰ্থীত্ব প্ৰত্যাসী কিন্তু এই সিদ্ধান্তক লৈ সন্তুষ্ট নহয় বুলি দলৰ ভিতৰ চৰাৰ পৰা জানিব পৰা গৈছে। কংগ্ৰেছ দলৰ একাংশই আশা কৰিছিল দলে যোৰহাট সমষ্টিৰ বাবে এক নতুন মুখ আগবঢ়াই দিব। কিন্তু সেইয়া হৈ নুঠিল। আনহাতে যোৰহাট সমষ্টিৰ স্থানীয় ৰাইজে গৌৰৱ গগৈক কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব দিয়াক লৈ বিভিন্ন মত প্ৰকাশ কৰিছে। যোৰহাট সমষ্টিৰ একাংশই কয় যে, যি গৰাকী ব্যক্তি যোৰহাট সমষ্টিৰ লোকসভাৰ সংসদ হোৱাৰ পাছতো যোৰহাট বাসী ৰাইজে খুব কম সময়ৰ বাবে দেখা পালে, সেই গৰাকী ব্যক্তিক কংগ্ৰেছ দলে যোৰহাট সমষ্টিৰ পৰা প্ৰক্ষেপ কৰাৰ বিপৰীতে এজন অন্য যুৱ প্ৰজন্মৰ পাৰ্থিক প্ৰক্ষেপ কৰিব পাৰিলেহেঁতেন। আনহাতে একাংশই কয় যে কংগ্ৰেছ দলে যোৰহাট সমষ্টিৰ বাবে উচিত পাৰ্থি প্ৰক্ষেপ কৰিছে। গৌৰৱ গগৈ যোৰহাট দমষ্টিৰ বাবে যোগ্য পাৰ্থি।
আৰু গৌৰৱ গগৈয়ে যোৰহাট সমষ্টিত এক নতুন দিগন্তৰ সূচনা কৰিব। আৰু কংগ্ৰেছৰ জয় যোৰহাট সমষ্টিত নিশ্চিত। আনহাতে যোৰহাট বিধানসভা নিৰ্বাচনৰ বাবে গৌৰৱ গগৈৰ নাম প্ৰক্ষেপ হোৱাৰ পাছত উৎফুল্লিত হৈ পৰিছে যোৰহাটৰ কংগ্ৰেছৰ কৰ্মী সকল। আজি সেইবাবে এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি হয় যোৰহাট নগৰৰ মাজমজিয়াৰ কংগ্ৰেছ ভৱনত। কংগ্ৰেছ কৰ্মী সকল আজি যোৰহাট কংগ্ৰেছ ভৱনত একত্ৰিত হৈ এক উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে সকলোৱে আদৰণি জনায় কংগ্ৰেছৰ হাই কামণ্ডৰ সিদ্ধান্তক। আজি যোৰহাট কংগ্ৰেছ ভৱনৰ সন্মুখত উপস্থিত থাকি জিলা কংগ্ৰেছৰ সভাপতি ইন্দ্ৰজিৎ পেগুৱে কয় যে গৌৰৱ গগৈ এজন নিকাভাৱ মুৰ্ত্তিৰ ব্যক্তি আৰু মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপিত প্ৰাৰ্থী জনক প্ৰথম বাৰৰ বাবে নিৰ্বাচনত জয়ী কৰোৱাৰ সুযোগ পাব যোৰহাট সমষ্টিৰ ৰাইজে | ইতিমধ্যে ৰাষ্ট্ৰীয় ৰজনীতিত নিজক সৱল ভাৱে প্ৰতিস্থা কৰিবলৈ সক্ষম হোৱা গৌৰৱ গগৈৰ জয় নিশ্চিত বুলি দাবী কৰি সমষ্টিটোত প্ৰাৰ্থীত্ব আৱেদন কৰা সকলোৱে একেলগে কাম কৰা ইতিমধ্যে আৰম্ভ কৰিছে বুলি মন্তব্য কৰে জিলা কংগ্ৰেছৰ সভাপতি জনে | কংগ্ৰেছ ভৱনত উপস্থিত থাকি পৌৰ সদস্য তথা এজন প্ৰাৰ্থীত্ব প্ৰত্যাশী প্ৰশান্ত বৰাই কয় যে যোৰহাট সমষ্টিত কংগ্ৰেছৰ জয় ইতিমধ্যে নিশ্চিত হ’ল | গৌৰৱ গগৈক লোক সভা নিৰ্বাচনত যিদৰে যোৰহাটবাসীয়ে মৰম দিলে ইয়াতকৈ অধিক মৰম এতিয়া পাব বুলি মন্তব্য কৰি বৰাই কয় যে বিৰোধীয়ে এতিয়ালৈকে প্ৰাৰ্থীত্ব প্ৰদান কাক কৰিব সেয়াই নিশ্চিত কৰিব পৰা নাই | যদি পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰাৰ্থীত্ব পাই তেতিয়া গৌৰৱ গগৈৰ জয় সহজ হব বুলি দাবী কৰি বৰাই কয় যে পবিত্ৰ মাৰ্ঘেৰিটা নাম সলনি কৰি পবিত্ৰ যোৰহটীয়া কৰিব লাগিব তেতিয়া হয়তো প্ৰতিদ্বন্দীতা হব | পবিত্ৰ মাৰ্ঘেৰিটা কেতিয়াও যোৰহাটত ফেক্টৰ নহয় বুলি স্পষ্ট কৰি দিয়ে প্ৰশান্ত বৰাই |
আনহাতে যোৰহাট বাসী ৰাইজৰ বাবে এতিয়াও ৰহস্যৰ আৱৰ্তত আছে বিজেপি দলৰ যোৰহাট সমষ্টিৰ পাৰ্থিৰ নাম। এই ক্ষেত্ৰত বিজেপি দলৰ হৈ পুনৰ এবাৰ আগন্তুক বিধানসভা নিৰ্বাচনত নাম উচ্চাৰণ হৈছে যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ কাম। কিন্তু বিজেপিৰ যোৰহাট সমষ্টিৰ বাবে কিছু সমীকৰণ সলনি হল ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বিজেপি দলৰ পৰা যোৰহাটৰ বাবে এক নতুন মুখ ফিয়াৰ কথা ঘোষণা কৰাৰ লগে লগে। আৰু এই ক্ষেত্ৰত সঘন নাম উচ্চাৰণ হৈছে যুৱ নেতা সিদ্ধাঙ্কু অংকুৰ বৰুৱাৰ নাম।
অসম প্ৰদেশ বিজেপিৰ সম্পাদক হিচাপে বৰ্তমান দায়িত্বত থকা সিদ্ধাঙ্কু অংকুৰ বৰুৱা বিজেপিৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থীত্বৰ অন্যতম দাবীদাৰ। কিন্তু কংগ্ৰেছ দলৰ পৰা গৌৰৱ গগৈৰ নাম যোৰহাট সমষ্টিৰ বাৱে প্ৰক্ষেপ কৰাৰ পাছত সমীকৰণ সলনি হৈ বিজেপি দলৰ পাৰ্থি হিচাপে যোৰহাট সমষ্টিৰ পৰা নাম উচ্চাৰণ হৈছে মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম। এই লৈ কিন্তু বৰ্তমানো কোনো স্পষ্ট ইংগিত দিয়া নাই বিজেপি দলে। শেহতীয়া কৈ মন্ত্রী পবিত্ৰ মাৰ্ঘেৰিটাই যোৰহাটৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি নিজৰ এক সুদৃঢ় ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হোৱাত সঘন নাম উচ্চাৰণ হৈছে পবিত্ৰ মাৰ্ঘেৰিটাৰ। আৰু অনাগত দিনত সময়েহে কব কোন দিশে গতি কৰে যোৰহাট সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ নিৰ্বাচনী যুজঁ। উল্লেখযোগ্য যে যোৰহাট বিধান সভা সমষ্টিৰ ১০৩ টা অৱস্থানৰ ১৮২ টা মুঠ ভোটগ্রহণ কেন্দ্ৰত ৭০৮৯৭ জন পুৰুষ ভোটাৰ,৭৭৩৮২ গৰাকী মহিলা ভোটাৰ আৰু ১ জন তৃতীয় লিংগ ভোটাৰ মুঠ ১,৪৮,২৮০ জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য |

